নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্রাস

🔷 প্রতিটো ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৩.৫০ টকা হ্রাস

বিশেষ বাৰ্তা, ১ জুনঃ আন্তর্জাতিক বজাৰত মূল্য আৰু মার্কিন ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ মূল্যৰ আধাৰত প্রতিমাহৰ প্রথম দিনা ইন্ধনৰ মূল্য পুনঃনির্ধাৰণ প্রক্রিয়া অনুসৰি আজিৰে পৰা কার্যকৰী হোৱাকৈ প্রতিটো বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৩.৫০ টকা হ্রাস কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ প্রতিটো ১৯ কেজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৩.৫০ টকা হ্রাস কৰা হৈছে বুলি পেট্র’লিয়াম আৰু তেল মার্কেটিং কোম্পানীয়ে বিবৃতিযোগে প্রকাশ কৰিছে ৷ বাণিজ্যিক চিলিণ্ডাৰৰ দাম হ্রাস কৰা হৈছে যদিও ঘৰুৱা প্রতিটো চিলিণ্ডাৰৰ দামৰ কোনো সালসলনি ঘটোৱা হোৱা নাই ৷ আজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম ৮৩.৫০ টকা হ্রাস কৰাৰ পাছত দিল্লীত এই চিলিণ্ডাৰৰ দাম ১,৭৭৩ টকা হ’ব ৷ কলকাতাত ইয়াৰ দাম ১,৮৭৫.৫০ টকা, মুম্বাইত ১,৭২৫ টকা আৰু চেন্নাইত ১,৯৩৭ টকা ৷ ইপিনে, ঘৰুৱা চিলিণ্ডাৰৰ দামৰ সালসলনি নঘটোৱাৰ বাবে দিল্লীত প্রতিটো চিলিণ্ডাৰৰ দাম ১,০০৩ টকা, কলকাতাত ১,০২৯ টকা, মুম্বাইত ১,০০২.৫০ টকা আৰু চেন্নাইত ১,০১৮.৫০ টকা ৷ উল্লেখ্য যে এলপিজি বাণিজ্যিক চিলিণ্ডাৰৰ দাম বিগত মাহতো ১১৭.৫০ টকা হ্রাস কৰা হৈছিল৷

You might also like