🔷 প্রয়োজনীয় অধিসূচনা জাৰি কৰাৰ নির্দেশ মুখ্য ন্যায়াধীশ নেতৃত্বাধীন বিচাৰপীঠৰ
🔷 ৰাজ্য চৰকাৰৰ হৈ তিনি সপ্তাহৰ সময় বিচাৰিলে মহাধিবক্তাইঃ ১৬ জুনত পৰৱর্তী শুনানি
বিশেষ বাৰ্তা, ২ জুনঃ ৰাজ্যৰ চৰকাৰী ভূমিত হোৱা অবাধ বেদখলক লৈ উদ্বিগ্ন হৈ পৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়৷ ৰাজ্যৰ ভিন্ন প্রান্তত চৰকাৰী ভূমি একাংশ লোকে অবৈধভাৱে দখল কৰি থকা বিষয়টো গুৰুত্বসহকাৰে উচ্চ ন্যায়ালয়ে গ্রহণ কৰিছে৷ শেহতীয়াকৈ ৰুজু হোৱা এক ৰাজহুৱা স্বার্থজড়িত গোচৰৰ শুনানি গ্রহণ কৰি চৰকাৰী ভূমিত হোৱা বেদখলৰ অভিযোগ নিষ্পত্তিৰ বাবে প্রত্যেকখন জিলাতে ৰাজহুৱা ভূমি সুৰক্ষা কোষ গঠন কৰিবলৈ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ মুখ্য ন্যায়াধীশ সন্দীপ মেহতা আৰু ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ খণ্ড বিচাৰপীঠে শেহতীয়াকৈ ৰাজ্য চৰকাৰক এই কোষ গঠনৰ বাবে যাৱতীয় তথা প্রয়োজনীয় অধিসূচনা জাৰি কৰিবলৈ নির্দেশ দিয়ে৷ অৱশ্যে ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই সদৰী কৰে যে ৰাজহুৱা ভূমি সুৰক্ষা কোষ গঠনৰ বাবে প্রক্রিয়া ইতিমধ্যে আৰম্ভ কৰা হৈছে৷ ইয়াৰ বাবে যাৱতীয় নিয়মাৱলী প্রস্তুত কৰাৰ বাবে তিনি সপ্তাহৰ সময় প্রদান কৰিবলৈ ৰাজ্য চৰকাৰৰ হৈ মহাধিবক্তাই উচ্চ ন্যায়ালয়ক প্রার্থনা জনায়৷ বিচাৰপীঠখনে ৰাজ্য চৰকাৰৰ এই প্রার্থনা মঞ্জুৰ কৰি গোচৰটোৰ পৰৱর্তী শুনানি অহা ১৬ জুনত তালিকাভুক্ত কৰিবলৈ নির্দেশ প্রদান কৰে৷ উল্লেখ্য যে নগাঁও জিলাৰ সুঁতিৰপাৰ গাঁৱত থকা জলসম্পদ বিভাগৰ ২ বিঘা ৫ কঠা ৮ লেচা ভূমি কেইজনমান লোকে বেদখল কৰি আছে৷ ভূমিখণ্ডত হৈ থকা বেদখল সন্দর্ভত ৰাজহুৱা স্বার্থজড়িত গোচৰটোৰ আবেদনকাৰীয়ে কেইবাবাৰো অভিযোগ দাখিল কৰিছিল৷ কিন্তু এইক্ষেত্রত সংশ্লিষ্ট কর্তৃপক্ষই কোনোধৰণৰ পদক্ষেপ গ্রহণ নকৰিলে৷ যাৰ ফলত মোক্লেশ্বৰ ৰহমান ফোৰাজী আৰু আন ১০জন লোকে গুৱাহাটী উচ্চ ন্যায়ালয়ত ৩৫/২০২৩ নম্বৰৰ ৰাজহুৱা স্বার্থজড়িত আবেদনখন দাখিল কৰে৷ এই আবেদনখনৰ জৰিয়তে চৰকাৰী ভূমিখণ্ডত থকা অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ লগতে তাত নির্মাণ কৰা ঘৰ–দুৱাৰ ভাঙি দিয়াৰ নির্দেশ দিবলৈ প্রার্থনা জনাইছে৷ ইয়াৰ পূর্বেও চৰকাৰী ভূমিত এনেদৰে একাংশ লোকে বেদখল কৰি অহা সন্দর্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ত আন এটা ৰাজহুৱা স্বার্থজড়িত গোচৰ ৰুজু হৈছিল৷ ২০১৮ চনতে একেটা বিষয়ক লৈ ৰুজু হোৱা এটা গোচৰত গুৱাহাটী উচ্চ ন্যায়ালয়ে ৰাজ্য চৰকাৰৰ মুখ্য সচিবক এনেধৰণৰ চৰকাৰী ভূমিত হোৱা বেদখল সম্পর্কীয় সমস্যা সমাধানৰ বাবে প্রতিখন জিলাত স্থায়ী ব্যৱস্থা গঢ়ি তুলিবলৈ নির্দেশ দিছিল৷ কিন্তু সেই সময়ত উচ্চ ন্যায়ালয়ৰ নির্দেশ ৰাজ্য চৰকাৰক বিশেষ কাৰণবশতঃ প্রেৰণ নকৰাৰ বাবে ৰাজহুৱা ভূমি সুৰক্ষা কোষ গঠন কৰিবলৈ যাৱতীয় নির্দেশনা এতিয়াও প্রকাশ কৰা হোৱা নাই৷ ইয়াৰ পৰিপ্রেক্ষিতত ২৮/২০১৮ নম্বৰৰ ভিতৰৰ ৰাজহুৱা গোচৰটোৰ শুনানি গ্রহণ কৰি বিগত ২ মার্চত প্রদান কৰা নির্দেশনাৰ প্রতিলিপি মহাধিবক্তাক প্রদান কৰিবলৈ উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠখনে নির্দেশ দিয়ে৷ যাৰ জৰিয়তে প্রতিখন জিলাত ভূমি সুৰক্ষা কোষ গঠন কৰিবলৈ নির্দেশ দিয়া হৈছিল৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে পূর্বৰ নির্দেশনাৰ জৰিয়তে উচ্চ ন্যায়ালয়ে ৰাজহুৱা ভূমি সুৰক্ষা কোষ কিদৰে গঠন কৰিব লাগিব, সেই সন্দর্ভত কেতবোৰ নীতি–নির্দেশনা নির্ধাৰণ কৰি দিছিল৷ সেই অনুসৰি কেৱল গ্রাম্য অঞ্চলসমূহৰ সমস্যাসমূহৰ বাবে এই কোষ গঠন কৰিব লাগিব৷ জিলা উপায়ুক্তৰ নেতৃত্বত তথা নিৰীক্ষণত ৰাজহুৱা ভূমি সুৰক্ষা কোষ কার্যক্ষম হৈ থাকিব৷ চৰকাৰী ভূমিত হোৱা বেদখল সন্দর্ভত অভিযোগ লাভ কৰাৰ লগে লগে কোষে সংশ্লিষ্ট ৰাজহ বিষয়া নিয়োজিত কৰি অভিযোগ সন্দর্ভত তদন্ত কৰিব লাগিব৷ যদিহে অভিযোগ অনুসৰি চৰকাৰী ভূমিত বেদখল হোৱাৰ প্রমাণ থাকে তেনেহ’লে সেই বেদখল উচ্ছেদৰ বাবে আইনী পদক্ষেপ গ্রহণ কৰিব লাগিব৷ উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্রান্তত থকা চৰকাৰী ভূমি একাংশ লোকে বেদখল কৰি ঘৰ–দুৱাৰ তথা ব্যৱসায়িক প্রতিষ্ঠান আদি নির্মাণ কৰাৰ অভিযোগ দীর্ঘদিনীয়া৷ বিশেষকৈ পতিত ভূমি, জলাশয়, ৰাজহুৱা স্থান, শ্মশান আদিৰ দৰে স্থানত বেদখল হোৱাৰ তথ্য সময়ে সময়ে পোহৰলৈ আহে৷ চৰকাৰে বিভিন্ন সময়ত এনে বেদখলকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰি অহা সত্ত্বেও এতিয়াও ৰাজ্যৰ বিস্তীর্ণ অঞ্চলৰ চৰকাৰী ভূমি বেদখলকাৰীৰ কবলত থকা বুলি চৰকাৰী তথ্যয়ো স্পষ্ট কৰি আহিছে৷ ইয়াৰ মাজতে শেহতীয়াভাৱে জাৰি কৰা উক্ত নির্দেশনাৰ জৰিয়তে চৰকাৰী ভূমিত হোৱা বেদখলৰ বিৰুদ্ধে কার্যতঃ কঠোৰ স্থিতি গ্রহণ কৰিলে উচ্চ ন্যায়ালয়ে৷