🔴 ২০০ বিঘা মাটি ক্রয়–প্রাসাদোপম অট্টালিকা নির্মাণ তৃতীয়বর্গৰ কর্মচাৰীৰ
🔴 ২০২১ চনত দালালবিৰোধী অভিযানত গ্ৰেপ্তাৰ হৈ গৈছিল জে’ললৈ
🔴 চিএম ভিজিলেঞ্চক অভিযোগ–জেৰা
বিশেষ বাৰ্তা, ২ জুনঃ জীৱিকা ডাক বিভাগৰ তৃতীয়বর্গৰ এজন সাধাৰণ কর্মচাৰী৷ কিন্তু জীৱন নির্বাহ কৰে এগৰাকী প্রতিপত্তিশালী আঢ্যৱন্ত ধনকুবেৰৰ দৰে৷ শেহতীয়াকৈ হাজোৰ বিভিন্ন লোকৰ প্রায় ২০০ বিঘাৰো অধিক মাটি জালিয়াতিৰে ক্রয় কৰাৰ অভিযোগ উত্থাপন হৈছে এই সাধাৰণ কর্মচাৰীজনৰ বিৰুদ্ধে৷ কেন্দ্রীয় চৰকাৰৰ ডাক বিভাগৰ তৃতীয়বর্গৰ এই অসাধাৰণ কর্মচাৰীজন হৈছে জিয়াউল হক ৷ ডাক বিভাগৰ হাজো শাখাৰ তৃতীয়বর্গৰ কর্মচাৰী হিচাপে দীর্ঘদিন ধৰি কর্মৰত হৈ থকা হকৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষত অভিযোগ দাখিল কৰিলে মইনুল হক নামৰ আন এজন স্থানীয় লোকে৷ যোৱা ৯ মে’ত মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষত গোচৰটো তৰিছিল মইনুলে৷ দুই পৃষ্ঠাজোৰা এজাহাৰখনত মইনুলে উল্লেখ কৰিছে হকৰ জালিয়াতিৰ অলিখিত তথ্যসমূহ৷ জিয়াউলৰ লগতে তেওঁৰ ২ ভাতৃ ক্রমে ৰেজাউল হক আৰু নিয়ামুল হকৰ বিৰুদ্ধেও প্রৱঞ্চনাৰে কোটি কোটি টকা মূল্যৰ ভূমি ক্রয় কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ কিন্তু কিদৰে জালিয়াতি কৰিছিল হকে৷ অভিযোগ অনুসৰি হক আৰু তেওঁৰ ভাতৃদ্বয়ে প্রথমে হাজো ৰাজহ বিভাগৰ পৰা অঞ্চলটোৰ বিভিন্ন প্রান্তত বসবাস কৰা মানুহৰ মাটিৰ তথ্য সংগ্রহ কৰে৷ ইতিমধ্যে বিভিন্ন কাৰণত নিজৰ পৈত্রিক ভেটি এৰি আন স্থানত বসবাস কৰা পৰিয়ালৰ মাটিক লক্ষ্য হিচাপে লৈ হক এণ্ড কোম্পানীয়ে উক্ত পৰিয়ালবোৰক লগ কৰি মাটিবোৰ ন্যূনতম দামত ক্রয় কৰে৷ তাৰ পাছত উক্ত মাটিবোৰত দীর্ঘদিন ধৰি চৰকাৰক খাজনা দি ভোগদখল কৰি থকা মানুহবিলাকক উচ্ছেদ কৰে৷ এনেদৰে হাজো অঞ্চলৰ প্রায় ২০০ বিঘা ভূমি ক্রয় কৰিছে জিয়াউল আৰু ভাতৃদ্বয়ে৷ চতুৰ হকে নিজৰ লগতে পত্নী, মাতৃ, ভাতৃ, ভিনিহীয়েক, ভাইবোৱাৰীয়েককে আদি কৰি পৰিয়ালৰ বিভিন্ন লোকৰ নামত এই মাটিবোৰ ক্রয় কৰাৰ অভিযোগ উত্থাপিত হৈছে৷ ইয়াৰ বাদেও হকৰ বিৰুদ্ধে আছে আন বহু অভিযোগ৷ অঞ্চলটোৰ বঙালপাৰা মাদ্রাছাৰ নামতো ১০ বিঘা মাটি দিম বুলি প্রায় ১৮ লাখ টকা শিক্ষানুষ্ঠানখনৰ পৰাও আত্মসাৎ কৰিছিল হকে৷ চৰকাৰে দৰিদ্র লোকসকলৰ বাবে প্রণয়ন কৰা অৰুণোদয় আঁচনিৰ হিতাধিকাৰী বাছনিৰ ক্ষেত্রতো হকে জালিয়াতিৰ আশ্রয় লৈ পৰিয়ালৰ প্রায় সকলো সদস্যৰ নাম অন্তর্ভুক্ত কৰিবলৈ সক্ষম হৈছে বুলি অভিযোগত প্রকাশ৷ ডাক বিভাগৰ তৃতীয়বর্গৰ এটা সাধাৰণ চাকৰি কৰি বিমুদ্রাকৰণৰ পাছতে কম সময়ত কোটিপতিলৈ ৰূপান্তৰিত হোৱা হকে ২০১৬ চনত হোৱা বিমুদ্রাকৰণৰ সময়ত বহু লোকৰ পৰা কমিছনৰ বিনিময়ত পুৰণি নোট সংগ্রহ কৰি হাজো ডাকঘৰত এইবোৰ সলনি কৰি কেইবাকোটি টকা সংগ্রহ কৰাৰ কথাও এজাহাৰত উল্লেখ কৰা হৈছে৷ স্থানীয় বাসিন্দাৰ পৰা উঠা অভিযোগৰ পাছত যোৱা মঙলবাৰে মুখ্যমন্ত্রীৰ বিশেষ নিৰীক্ষণ কোষে হকক উলুবাৰীৰ মুখ্য কার্যালয়লৈ তলব কৰি সোধা–পোছা কৰা বুলি জানিব পৰা গৈছে৷ ইফালে সূত্র এটাই জনোৱা মতে, পূর্বৰে পৰা মাটিৰ দালালৰূপে জনাজাত জিয়াউলক যোৱা ২০২১ চনত অবৈধ উপায়েৰে মাটিৰ দালালি কৰি ধন সংগ্রহ কৰাৰ অভিযোগত অসম আৰক্ষীয়ে গ্রেপ্তাৰো কৰিছিল৷ গ্রেপ্তাৰৰ পাছত কাৰাবাস পর্যন্ত খাটিবলগীয়া হোৱা হকে পৰৱর্তী সময়ত জামিনত মুকলি হৈ আহিছিল৷ সেই তেতিয়াৰে পৰাই পুনৰ মাটিৰ দালালিত লিপ্ত হৈ কম সময়ৰ ভিতৰতে অঞ্চলটোৰ এজন প্রতিপত্তিশালী লোকত পৰিণত হৈছিল হক৷ উল্লেখ্য যে অঞ্চলটোত প্রাসাদোপম অট্টালিকা পর্যন্ত নির্মাণ কৰিছে হকে৷ জিয়াউলৰ জীৱিকাৰ দিশৰ পৰা এনে বৃহৎ অট্টালিকা নির্মাণ কৰাটো অসম্ভৱ যদিও অসৎ উপায়েৰে ধন ঘটি এই বৃহৎ নির্মাণ কৰাৰ অভিযোগ কৰিছে অঞ্চলটোৰ স্থানীয় লোকে৷ জানিব পৰা মতে স্থানীয় লোকে হক আৰু তেওঁৰ ভাতৃদ্বয়ৰ এই কু–কর্ম তথা জালিয়াতি সন্দর্ভত কেন্দ্রীয় চৰকাৰৰ এনফ’ৰ্চমেণ্ট সঞ্চালকালয়কো তথ্য সন্নিৱিষ্ট কৰি এক অভিযোগ দাখিল কৰিছে৷