নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৫ মার্চত গুৱাহাটীৰ পানী যোগান আঁচনিৰ শুভাৰম্ভ কৰিব মুখ্যমন্ত্রীয়ে

নিয়মীয়া বাৰ্তা ১২ ফেব্ৰুৱাৰীঃ  চলিত বছৰৰ ডিচেম্বৰৰ ভিতৰত গুৱাহাটী মহানগৰীৰ ৫৫ হাজাৰ পৰিয়ালে বিশুদ্ধ খোৱাপানী লাভ কৰিব৷ প্রথম পর্যায়ত এই আঁচনিখন অহা ১৫ মার্চত মুখ্যমন্ত্রীয়ে শুভাৰম্ভ কৰিব৷ মঙলবাৰে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ পৌৰোহিত্যত জনতা ভৱনস্থিত মুখ্যমন্ত্রীৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত গুৱাহাটী উন্নয়ন বিভাগৰ কাম–কাজৰ পর্যালোচনা বৈঠকত এই সিদ্ধান্ত গ্রহণ কৰা হয়৷ আজিৰ এই বৈঠকত গুৱাহাটী মহানগৰীৰ পানী যোগান প্রকল্পসমূহৰ ৰূপায়ণৰ কাম–কাজৰ বিতংভাৱে পর্যালোচনা কৰা হয়৷ বৈঠকত গুৱাহাটী মহানগৰীৰ বিভিন্ন ঠাইত চলি থকা প্রকল্পসমূহৰ কাম–কাজৰ অগ্রগতিৰ বিষয়ে গুৱাহাটী উন্নয়ন বিভাগৰ শীর্ষ বিষয়াসকলে মুখ্যমন্ত্রীক অৱগত কৰে৷ মুখ্যমন্ত্রীয়ে পানী যোগান প্রকল্পৰ জৰিয়তে মহানগৰীৰ জনসাধাৰণক যাতে সম্পূর্ণভাৱে সামৰি ল’ব পৰা যায় তাৰ বাবে যথোচিত পদক্ষেপ গ্রহণ কৰিবলৈও সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ আজিৰ এই বৈঠকতে গুৱাহাটী মহানগৰীৰ গৃহ নির্মাণৰ বিভিন্ন দিশ পর্যালোচনা কৰা হয়৷ বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ বিষয়াসকলে মুখ্যমন্ত্রীক অৱগত কৰে যে মুখ্যমন্ত্রীৰ ‘সহজ গৃহ নির্মাণ আঁচনি’ৰ অধীনত এতিয়াৰ পৰা নূ্যনতম চাৰি লেচা ভূমিৰ গৰাকীয়েও গৃহ নির্মাণৰ অনুমতি লাভ কৰিব৷ তদুপৰি চাৰি লেচাৰ পৰা দহ লেচা পর্যন্ত ভূমিৰ গৰাকীয়ে তাৎক্ষণিকভাৱে অট্টালিকা নির্মাণৰ অনুমতি লাভ কৰিব৷ বৈঠকত মুখ্যমন্ত্রীয়ে গৃহ নির্মাণৰ ক্ষেত্রত প্রযোজ্য হৈ থকা নীতিসমূহ কঠোৰভাৱে ৰূপায়ণ কৰিবলৈ সংশ্লিষ্ট বিভাগক নির্দেশ দিয়ে৷ মহানগৰীত ভৱিষ্যতে নির্মাণ হ’বলগীয়া সকলো অট্টালিকাৰ ভূমি মহল বাধ্যতামূলকভাৱে পার্কিঙৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰা, অট্টালিকাসমূহত ব্যৱহূত লিফট্ সমূহৰ উপযুক্ত সুৰক্ষা ব্যৱস্থা নিশ্চিত কৰা, ব্যৱসায়িক প্রতিষ্ঠানৰ গৃহসমূহত দিব্যাংগসকলৰ সহায়ক হোৱাকৈ উপযুক্ত আন্তঃগাঁথনি ৰ ব্যৱস্থা ৰখা, বৰষুণৰ পানী সংৰক্ষণৰ উপযুক্ত ব্যৱস্থা ৰখা আদি সুনিশ্চিত কৰিবলৈও সংশ্লিষ্ট বিভাগক মুখ্যমন্ত্রীয়ে নির্দেশ দিয়ে৷ এই বৈঠকত স্মার্ট চিটী প্রকল্প ৰূপায়ণৰ বিভিন্ন দিশো পুংখানুপুংখভাৱে পর্যালোচনা কৰা হয়৷ বৈঠকত গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্রী সিদ্ধার্থ ভট্টাচার্য, মুখ্যমন্ত্রীৰ আইন উপদেষ্টা শান্তনু ভৰালী, মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, গুৱাহাটী উন্নয়ন বিভাগৰ দায়িত্বত থকা অতিৰিক্ত মুখ্য সচিব মণিন্দৰ সিং, মুখ্যমন্ত্রীৰ প্রধান সচিব সঞ্জয় লোহিয়া, গুৱাহাটী উন্নয়ন বিভাগৰ শীর্ষ বিষয়া, জিএমডিএ, জিএমচি, ব’ড, জাইকা, গুৱাহাটী স্মার্ট চিটী প্রকল্প ৰূপায়ণৰ লগত জড়িত বিষয়া প্রমুখ্যে উচ্চপদস্থ বিষয়াসকল উপস্থিত থাকে৷

You might also like