তিনি মাহতে দুর্ভিক্ষৰ কবলত পাকিস্তান
📌ৰাষ্ট্রসংঘৰ প্রতিবেদনত চাঞ্চল্যকৰ তথ্যঃ ভয়াৱহ পৰিস্থিতি আফগানিস্তানতো
বিশেষ বাৰ্তা, ৫ জুনঃ মাত্র তিনি মাহৰ ভিতৰতে দুর্ভিক্ষৰ কবলত পৰিব পাকিস্তান৷ ভয়াৱহ খাদ্য সংকটে ইতিমধ্যে দেখা দিছে দেশখনৰ বিভিন্ন প্রান্তত৷ অকল পাকিস্তানেই নহয়, এই একেই সংকটৰ সন্মুখীন হ’ব আফগানিস্তানো৷ ৰাষ্ট্রসংঘৰ অধীনস্থ দুটা সংস্থাৰ তৰফৰ পৰা এই আশংকাজনক প্রতিবেদন প্রকাশ কৰা হৈছে৷ দুয়োখন দেশৰ ৰাজনৈতিক অস্থিৰতাৰ বাবে এনে পৰিস্থিতিৰ সৃষ্টি হ’ব বুলি দাবী কৰা হৈছে বিশ্বৰ সর্বোচ্চ সংস্থাটোৰ প্রতিবেদনত৷ কিন্তু দুর্ভিক্ষৰ পৰিস্থিতিৰ মুখত পৰিও পাক বিত্তমন্ত্রী ইছাক দাৰে দাবী কৰিছে যে দেশৰ আর্থিক সংকট শীঘ্রে মোচন হ’ব৷ ৰাষ্ট্রসংঘৰ অধীনস্থ ‘বিশ্ব খাদ্য আঁচনি’ (ডব্লিউএফপি)য়ে শেহতীয়াকৈ দাখিল কৰিছে এক প্রতিবেদন৷ সেই প্রতিবেদনত উল্লেখ কৰা হৈছে যে আগন্তুক তিনি মাহৰ ভিতৰত ভয়াৱহ খাদ্য সংকটৰ সন্মুখীন হ’ব কেইবাখনো দেশ৷ তাৰ ভিতৰত আফগানিস্তান আৰু পাকিস্তান অন্যতম৷ ইয়াৰ উপৰি আফ্রিকাৰ কেইবাখনো দেশতো খাদ্য সংকটে দেখা দিব বুলি প্রতিবেদনত উল্লেখ কৰা হৈছে৷ প্রতিবেদন অনুসৰি, পাকিস্তানৰ উত্তৰ–পশ্চিম প্রান্তত ইতিমধ্যে আৰম্ভ হৈছে দুর্ভিক্ষ৷ বিদেশী মুদ্রাৰ অভাৱত খাদ্য আমদানি কৰিব পৰা নাই পাক চৰকাৰে৷ ইয়াৰ সমান্তৰালকৈ খাদ্য সামগ্রীৰ দাম আকাশলংঘী হৈছে৷ আগন্তুক ছেপ্টেম্বৰ মাহৰ ভিতৰত পাকিস্তানৰ কমপক্ষেও ৮৫ লাখ মানুহ দুর্ভিক্ষৰ কবলত পৰিব৷ সেইদৰে খাদ্য আৰু কৃষি সংস্থাৰ প্রতিবেদনতো একেই ছবি দেখিবলৈ পোৱা গৈছে৷ অর্থাৎ ভয়াৱহ দুর্ভিক্ষৰ দিশলৈ যাত্রা কৰিছে ভাৰতৰ প্রতিৱেশী পাকিস্তানে৷