নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব টেষ্ট চেম্পিয়নশ্বিপঃ মুখ খুলিলে অশ্বিনে

বিশেষ বাৰ্তা, ১৬ জুনঃ অষ্ট্রেলিয়াৰ বিৰুদ্ধে বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলৰ পৰা ৰবিচন্দ্রন অশ্বিন বাদ পৰাৰ পিছত ক্রিকেট-বিশ্বত তীব্র সমালোচনাৰ সৃষ্টি হৈছিল ৷ কিন্তু ইমানৰ পিছতো মুখ খোলা নাছিল ভাৰতীয় স্পীনাৰগৰাকীয়ে৷ ইংলেণ্ডৰ পৰা উভতি তামিলনাডু প্রিমিয়াৰ লীগত খেলিবলৈ আৰম্ভ কৰিছে অশ্বিনে৷ অৱশেষত আজি তেওঁ অ’ভেলত দলৰ পৰা বাদ পৰা সম্পর্কত মুখ খুলিলে৷ প্রচাৰ মাধ্যমৰ সন্মুখত তেওঁ প্রকাশ কৰিলে নিজৰ মনৰ কথা৷ স্পীনাৰগৰাকীয়ে কয়– ‘মোৰ বাবে দলৰ পৰা বাদ পৰাটো কোনো ডাঙৰ আঘাত নহয়৷ ক’ব পাৰি, মোৰ যাত্রাপথত উজুতি খাইছোঁ৷’ ইয়াৰ পিছত অশ্বিনে কয় যে অ’ভেলৰ ঘটনা পাহৰি তেওঁ আগুৱাই যাব৷ দলৰ পৰা বাদ পৰাৰ অভিজ্ঞতা ইতিপূর্বে যথেষ্ট হোৱা বুলিও তেওঁ কয়৷ অশ্বিনে লগতে কয় যে সকলোৱে জীৱনত এনেধৰণৰ আঘাত পোৱা প্রয়োজনীয়৷ সেয়া হ’লেহে তেওঁৰ নিজকে সাজু কৰিব পাৰিব আৰু পুনৰ থিয় হৈ যুঁজ দিব পাৰিব৷ ভাৰতীয় অফস্পীনাৰগৰাকীয়ে কয় যে তেওঁ ফাইনেলৰ ৪৮ ঘণ্টা পূর্বেই প্রথম একাদশত স্থান নাপায় বুলি জানিব পাৰিছিল৷

You might also like