নিয়মীয়া বাৰ্তা, ১৭ জুনঃ বছৰৰ প্ৰথমটো বানতে চাৰিকড়িয়া নদীৰ প্ৰৱল খহনীয়াই তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে সোণাৰি চাপৰি বৰ্ষামুখ পথলৈ ৷ ক্ষিজীৱী ঢকুৱাখনীয়াৰ আয়ুস ৰেখা চাৰিকড়িয়াৰ নদীৰ সৰ্পিল গতিৰ কৰাল গ্ৰাসত পৰি বিভিন্ন অংশৰ নৈপৰীয়া ৰাইজ সৰ্বস্বান্ত হৈ সঘনে চকুলো টুকিব লগা হোৱাৰ সমান্তৰালভাৱে নদীখনৰ খহনীয়াই সোণাৰি চাপৰি বৰ্ষামুখ পথলৈকো ভাবুকি কঢ়িয়াই অনাত আতংকিত হৈছে কেকুঁৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত পতীয়া চাপৰি, সৰুপতীয়া, বৰপতীয়া, সাপেখাটি, মাধোৱা, চাৰিকড়িয়া, বৰ্ষামুখ আদি অঞ্চলৰ লগতে সোণাৰি চাপৰি পঞ্চায়তবাসীও ৷ নদীখনে উক্ত অংশত ইংৰাজী বৰ্ণমালাৰ ইউ আখৰটোৰ দৰে গতি কৰাত খহনীয়াই পথটোলৈ স্ষ্টি কৰা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি ব্হত্বৰ অঞ্চলৰ জনসাধাৰণে নদীখনৰ উক্ত অংশত চেনেল কাটিঙৰ জৰিয়তে গতি সলনি কৰি স্থায়ী প্ৰতিৰোধৰ দাবী জনাই আহিছে যদিও গা লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ লগতে জনপ্ৰতিনিধিৰ ৷ আনহাতে পথটো নদীৰ বুকুত জাহ যাবলৈ মাত্ৰ তিনি ফুটমান বাকী থকাৰ সময়তে লোকনিৰ্মাণ বিভাগে হঠাৎ সাৰ পাই পথ অংশৰ সুৰক্ষাৰ বাবে খদমদম লগাইছে যদিও আশ্বস্ত হব পৰা নাই অঞ্চলটোৰ জনসাধাৰণ ৷ তদুপৰি পথটোৰ উক্ত অংশ নদীৰ খহনীয়াত বিধ্বস্ত হলে চাৰিকড়িয়া নদীৰ পানীভাগ সাপেখাটি দ অংশৰে দাংধৰা নদীলৈ বৈ আহিলে ঢকুৱাখনা-মাজুলী সংযোগী একমাত্ৰ স্থলপথটোৰ ঘৰঘৰি জানৰ অংশতো ভাবুকি সৃষ্টি কৰিব বুলি জানিবলৈ দি সময় থাকোঁতেই নদীৰ চেনেল কাটিঙেৰে নদীৰ গতিপথ সলনি কৰি পথটো স্থায়ীভাৱে সুৰক্ষিত কৰি বৃহত্তৰ অঞ্চলটোৰ একমাত্ৰ যাতায়াত ব্যৱস্থা সুচল কৰি ৰাখিবলৈকো দাবী জনাইছে অঞ্চলৰ জনসাধাৰণৰ লগতে শিক্ষাৰ্থী আৰু পথচাৰীয়ে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি