বিশেষ বাৰ্তা, ১৭ জুনঃ ৰাজ্যৰ অন্যতম গুৰুত্বপূর্ণ অনুষ্ঠান অসম ফার্মাচী কাউঞ্চিলৰ বিৰুদ্ধে বিভিন্ন মহলত চলা অপপ্রচাৰক লৈ সম্প্রতি ক্ষুব্ধ হৈ পৰিছে কাউঞ্চিলৰ সৈতে জড়িত একাংশ সদস্য৷ ন্যস্তস্বার্থ সিদ্ধি কৰাৰ বাবেই একাংশ সন্দেহজনক ফার্মাচিষ্টে সামাজিক মাধ্যমকে ধৰি বিভিন্ন মাধ্যমত কাউঞ্চিলৰ ভাবমূর্তি বিনষ্ট কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ উত্থাপন কৰিছে সদস্যসকলে৷ উল্লেখ্য যে চলিত বর্ষৰ ২২ ফেব্রুৱাৰীত অসম ফার্মাচী কাউঞ্চিলৰ পূর্বৰ সমিতিখন ভংগ হোৱাৰ পিছতো কাউঞ্চিলৰ পূর্বৰ সভাপতি মুনীন চন্দ্ৰ ডেকাই নিজৰ ইচ্ছা অনুসৰি কাউঞ্চিলখন পৰিচালনা কৰাৰ লগতে নির্বাচনো অনুষ্ঠিত কৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগ কৰিছিল একাংশ ফার্মাচিষ্ট সংগঠনে৷ বিভিন্ন মাধ্যমত হোৱা অপপ্রচাৰৰ পিছত বর্তমান মুখ খুলিছে কাউঞ্চিলৰ প্রাক্তন সভাপতি তথা নির্বাচনৰ ৰিটার্নিং বিষয়া মুনীন চন্দ্ৰ ডেকাই৷ উত্থাপিত অভিযোগসমূহ সম্পূর্ণ নস্যাৎ কৰি তেওঁ কয় যে চৰকাৰৰ সকলো নীতি–নিয়ম মানি চলিয়েই যোৱা ২৭, ২৮ আৰু ২৯ এপ্রিলত কাউঞ্চিলৰ নির্বাচনৰ দিন নির্ধাৰণ কৰা হৈছিল৷ একাংশ সংগঠনে ভুৱা ফার্মাচিষ্টক ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰি নির্বাচন অনুষ্ঠিত কৰাৰ চেষ্টা চলোৱা সন্দর্ভত তেওঁ পুনৰ কয় যে চলিত বর্ষৰ ৩১ মার্চলৈকে যিসকল ফার্মাচিষ্টে নিজৰ পঞ্জীয়ন নীতি–নিয়ম অনুসৰি কৰিছে, সেইসকলক লৈয়ে ভোটাৰ তালিকা প্রকাশ কৰা হৈছে৷ কাউঞ্চিলত বর্তমানে ১০ হাজাৰ সদস্য আছে বুলি মন্তব্য কৰি তেওঁ কয় যে কাউঞ্চিলৰ অধীনত ভুৱা ফার্মাচিষ্টৰ পঞ্জীয়নৰ বিষয়টো বহু পুৰণি৷ প্রায় ৩ হাজাৰ ভুৱা ফার্মাচিষ্ট কাউঞ্চিলৰ অধীনত পঞ্জীকৃত হোৱাৰ অভিযোগ উঠিছিল আৰু সেই অভিযোগক গুৰুত্ব দি ২০২০ চনত ৩ হাজাৰৰ ভিতৰত ১৮১০ ভুৱা বুলি চিহ্ণিত ফার্মাচিষ্টৰ পঞ্জীয়ন বাতিল কৰিছিল পৰিষদে৷ যোৱা ১৫ জুনতো ২,১১৯জন ভুৱা ফার্মাচিষ্টৰ অনুজ্ঞা-পত্র বাতিল কৰিছে পৰিষদে৷ পুনৰ যাতে কাউঞ্চিলৰ অধীনত কোনো ভুৱা ফার্মাচিষ্ট জড়িত হ’ব নোৱাৰে, তাৰ প্রতিও অহৰহ লক্ষ্য ৰাখিছে অসম ফার্মাচী কাউঞ্চিলে৷ সংস্থাটোৰ পঞ্জীয়ক জগদীশ মিশ্রই সদৰী কৰা মতে, অবৈধভাৱে ডিগ্রী লাভ কৰা বহু ফার্মাচিষ্টে কাউঞ্চিলৰ অধীনত পঞ্জীয়ন কৰাৰ বাবে চেষ্টা চলাই আছে৷ এই সন্দর্ভত কঠোৰ ব্যৱস্থা লোৱা বাবেই আজি একাংশ সন্দেহজনক ফার্মাচিষ্টে কাউঞ্চিলৰ প্রাক্তন সভাপতি মুনীন চন্দ্ৰ ডেকাক সাঙুৰি সংস্থাটোক অপবাদ দিয়াৰ চেষ্টা কৰিছে৷ এই চেষ্টা কোনো কাৰণতে সফল হ’বলৈ দিয়া নহয় বুলি তেওঁ লগতে কয়৷ ইপিনে, যোৱা এপ্রিল মাহৰ পৰা কাউঞ্চিলে নতুনকৈ শিক্ষা সমাপ্ত কৰা ফার্মাচিষ্টৰ নাম পঞ্জীয়ন নকৰাক লৈ উঠা বিতর্ক সন্দর্ভতো মত প্রকাশ কৰে পঞ্জীয়ক মিশ্রই৷ তেওঁ কয় যে যিহেতুকে অসম ফার্মাচী কাউঞ্চিলৰ পূর্বৰ সমিতিখনৰ কার্যভাৰ ফেব্রুৱাৰী মাহতেই উকলি গৈছে আৰু নতুন সমিতি এতিয়ালৈকে নির্বাচন কৰিব পৰা নাই, সেইবাবেই নতুন পঞ্জীয়নৰ কামো বর্তমান বন্ধ ৰখা হৈছে৷ তেওঁৰ মতে যদিওবা নতুন পঞ্জীয়ন অনলাইনযোগে কৰিব লাগে, কিন্তু তাৰ পিছতো বহু নথি–পত্র পৰীক্ষা কৰাৰ প্রয়োজন থাকে৷ সমিতিৰ সদস্যসকলেহে এই কামবিলাক সমাধা কৰে৷ তদুপৰি কোনো কাৰণ অবিহনে একাংশ লোকে কাউঞ্চিলৰ পূর্বৰ সভাপতি মুনীন চন্দ্ৰ ডেকাৰ বিৰুদ্ধে অপপ্রচাৰ চলোৱা কার্যকো সমালোচনা কৰে পঞ্জীয়ক মিশ্র সমন্বিতে একাংশ সদস্যই৷ উল্লেখ্য যে পূর্বৰ সভাপতি ডেকাৰ বিৰুদ্ধে চৰকাৰী নীতি–নিয়ম নমনাকৈ নির্বাচন অনুষ্ঠিত কৰাৰো অভিযোগ উত্থাপন কৰি এছ’চিয়েচন অৱ ৰেজিষ্টার্ড ফার্মাচিষ্ট ইউনিয়ন, চমুকৈ আৰপু নামৰ এটা সংগঠনে শেহতীয়াকৈ আদালতত নির্বাচন সন্দর্ভত এখন লেখ আবেদনো দাখিল কৰিছিল৷ অৱশ্যে গোচৰটো আদালতত বিচাৰাধীন হৈ থকাৰ লগতে অহা ১৯ জুলাইত গোচৰটোৰ শুনানিৰ দিন ধার্য কৰা হৈছে৷
Prev Post
Next Post
You might also like