নিয়মীয়া বাৰ্তা, ১৮ জুন : অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ নলবাৰীৰ এক নম্বৰ সংমণ্ডলৰ অন্তৰ্গত ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্ভুক্ত সদা ব্যস্ত আল্লিয়া চ’কত ঘগ্ৰাপাৰ-তামুলপুৰ পথৰ দাঁতিত থকা ট্ৰেন্সফৰ্মাৰটো বিগত বছৰ বছৰ ধৰি উন্মুক্ত হৈ থকাত স্থানীয় ৰাইজ বিদ্যুৎ বিভাগক ধিক্কাৰ দিছে। আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু স্হানীয় ৰাইজে অভিযোগ কৰা মতে অনুসৰি আল্লিয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু আল্লিয়া শ্ৰীশ্ৰী হৰিমন্দিৰৰ সন্মুখত থকা এই ট্ৰেন্সফৰ্মাৰটোৰ সংলগ্ন তাঁৰ সমূহ ভূমিৰ পৰা মাত্ৰ তিনি-চাৰি ফুট উচ্চতাত দীৰ্ঘদিন ধৰি উন্মুক্ত হৈ আছে বুলি ৰাইজৰ অভিযোগ দীৰ্ঘদিনীয়া। ইতিমধ্যে ৰাইজে সাংঘাতিক বিপদৰ পৰা ৰক্ষা পাবলৈ ৰাইজে সাধাৰণ বাঁহৰে বেৰ দিছে যদিও সেয়া পৰ্যাপ্ত নহয়। যিকোনো মুহূৰ্ততে বিপদ হোৱাৰ সম্ভাৱনা থকা স্বত্বেও বিয়াগোম বিদ্যুৎ বিভাগ এইক্ষেত্ৰত নিৰ্লিপ্ত হৈ থকাত ৰাইজে অসন্তুষ্টি প্ৰকাশ কৰিছে। উল্লেখ্য যে নলবাৰী জিলাৰ আল্লিয়া, বনগাঁও, ছোট আল্লিয়া আদি অঞ্চলত বিদ্যুৎ যোগানৰ বাবে বিদ্যুৎ বিভাগে উচ্চ ক্ষমতা সম্পন্ন ট্ৰেন্সফৰ্মাৰটো ৰাইজৰ সমস্যাৰ ফালে পিঠি দি মুল চকটোতে বহুৱাই। যাৰ ফলত এটা বিপদৰ আশংকা লৈ চ’কটোলৈ বজাৰ কৰা, হৰি মন্দিৰ দৰ্শন কৰা, বিদ্যালয়লৈ শিক্ষাৰ্থী অহাযোৱা কৰা, পথচাৰী, টেম্প, ই- ৰিস্কা আদি চলি থকা পৰিলক্ষিত হৈছে। উল্লেখ্য যে বিদ্যুৎ বিভাগৰ গাফিলতিৰ বাবে আল্লিয়া অঞ্চলৰ কেইবাটাও গোধনৰ মৃত্যু হৈছে যদিও বিভিন্ন অজুহাত দেখুৱাই গোধনৰগৰাকীক ক্ষতিপূৰণ নিদিয়াৰ অভিযোগ উঠিছে। গতিকে উন্মুক্ত হৈ থকা ট্ৰেন্সফৰ্মাৰটো মুল চ’কৰ পৰা উঠাই নি অন্য এঠাইত বহুৱাবলৈ দাবী জনোৱাৰ উপৰিও আওপুৰণি বিদ্যুৎ তাঁৰসমুহ আঁতৰ কৰিবলৈ আল্লিয়া আঞ্চলিক ছাত্ৰ সন্থাই দাবী উত্থাপন কৰিছে।
প্ৰেৰক বীৰেন কলিতা