বিশেষ বাৰ্তা, ২৮ জুনঃ বিশিষ্ট সাংবাদিক মনোজ কুমাৰ গোস্বামীলৈ আগবঢ়োৱা হৈছে চলিত বর্ষৰ দয়াল কৃষ্ণ বৰা স্মাৰক ব্রহ্মপুত্র উপত্যকা সমাজহিতৈষী বঁটা৷ ৰাজ্যৰ অগ্রণী স্বেচ্ছাসেৱী সংগঠন ‘সহায় অসম’–এ আগবঢ়োৱা এই বঁটাটো ১ জুলাইত মৰিগাঁও চহৰৰ পবিতৰা হাটত অনুষ্ঠিত হ’বলগীয়া এটা অনুষ্ঠানত প্রদান কৰা হ’ব৷ উত্তৰ কমলাবাৰী সত্রৰ সত্রাধিকাৰ জনার্দন দেৱ গোস্বামীয়ে ১ জুলাইত গোস্বামীক প্রদান কৰিব বুলি সংগঠনটোৰ সভাপতি ৰাজু মহন্তই সদৰী কৰিছে৷