নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত উদ্বেগজনকভাৱে বৃদ্ধি এইচআইভি সংক্ৰমিতৰ সংখ্যা

নিয়মীয়া বাৰ্তা, ২৮ জুনঃ ধুবুৰী জিলাত উদ্বেগজনকভাৱে বৃদ্ধি পাইছে এইচআইভি (HIV) সংক্ৰমিত ৰোগীৰ সংখ্যা। ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ সংহত পৰামৰ্শ আৰু পৰীক্ষণ কেন্দ্ৰ (Integrated Counseling and Testing Centre চমুকৈ ICTC)ৰ তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ দিশ। প্ৰাপ্ত তথ্য অনুসৰি, কেন্দ্ৰটোত ২০২০-২১ বৰ্ষত ১২ গৰাকী, ২০২১-২২ বৰ্ষত ২৪ গৰাকী, ২০২২-২৩ বৰ্ষত ৪১ গৰাকী এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱাৰ বিপৰীতে কেন্দ্ৰটোত ২০২৩-২৪ বৰ্ষৰ চলিত মাহৰ ২৬ জুনলৈ ৪১গৰাকীকৈ লোক এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হৈছে। চলিত বৰ্ষৰ জানুৱাৰী মাহত ১০ গৰাকী, ফেব্ৰুৱাৰীত ৩ গৰাকী, মাৰ্চত ১১ গৰাকী, এপ্ৰিলত ৭ গৰাকী, মে’ মাহত ১৯ গৰাকী আৰু জুন মাহৰ ২৬ তাৰিখলৈকে ১৫ গৰাকী এইচআইভি সংক্ৰমিত হোৱা বুলি কেন্দ্ৰটোত ধৰা পৰিছে। এতিয়ালৈ ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ আইচিটিচিৰ পৰীক্ষাত জিলাখনৰ প্ৰায় ৬শ গৰাকী লোক এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হোৱা বুলিও জানিব পৰা গৈছে। কেন্দ্ৰটোৰ কাউঞ্চিলৰ জয়ন্ত কুমাৰ নাথে সদৰী কৰা মতে, পূৰ্বে ধুবুৰী জিলাত বহিঃৰাজ্যত দিনহাজিৰা কাম কৰিবলৈ যোৱা শ্ৰমিক শ্ৰেণীৰ লোকৰ পৰাই বেছিকৈ এইচআইভি সংক্ৰমিত লোক চিনাক্ত হৈছিল যদিও বিগত ৫/৬ মাহৰ পৰা ড্ৰাগছ সেৱনকাৰীৰ পৰাই বেছিকৈ এইচআইভি সংক্ৰমিত লোক চিনাক্ত হ’বলৈ লৈছে। তাৰেই পৰিপ্ৰেক্ষিতত ড্ৰাগছ সেৱনকাৰীৰ মাজত এটা বেজীৰে কেইবাগৰাকীও ড্ৰাগছ লোৱাৰ প্ৰৱণতাৰ ফলতেই জিলাখনত ড্ৰাগছ সেৱনকাৰীৰ পৰা বেছিকৈ এইআইভি সংক্ৰমিত হোৱাৰ ঘটনা ঘটিবলৈ লোৱা বুলি সন্দেহ কৰা হৈছে। জানিব পৰা মতে, ধুবুৰী চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লিংক এআৰটি চেন্টাৰ (Link ART Centre)ৰ পৰা বৰ্তমানে ৭১ গৰাকীকৈ এইচআইভি সংক্ৰমিত ৰোগীক নিয়মিত ঔষধ প্ৰদান কৰা হৈ আছে আৰু ঔষধ সেৱনকাৰীসকলৰ ভিতৰত কেইবাগৰাকী মহিলাকে ধৰি ৭গৰাকীকৈ শিশুও আছে। আনহাতে ধুবুৰী জিলা কাৰাগাৰৰ কেইবাগৰাকী কয়েদীও এইচআইভি সংক্ৰমিত হোৱা বুলি চিনাক্ত হৈছে বুলিও ধুবুৰীৰ আইচিটিচি সূত্ৰে জানিব পৰা গৈছে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like