নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ জুলাইত চন্দ্ৰযান-৩ উৎক্ষেপণ

বিশেষ বাৰ্তা, ২৮ জুনঃ আৰু মাত্ৰ কেইদিনমানৰ অপেক্ষা। চন্দ্ৰলৈ যাবলৈ সাজু চন্দ্ৰযান-৩। ইছৰোৱে অৱগত কৰা অনুসৰি ১৩ জুলাইত স্থানীয় সময় অনুসৰি দুপৰীয়া ২.৩০ বজাত চন্দ্ৰলৈ উৰা মাৰিব চন্দ্ৰযান-৩। শ্ৰীহৰিকোটাৰ সতীশ ধাৱন মহাকাশ কেন্দ্ৰৰ গধুৰ উৎক্ষেপণ বাহনৰ পৰা উৎক্ষেপণ কৰা হ’ব মহাকাশযানখন। যাৰ নাম মাৰ্ক-৩। এই অভিযানৰ বাবে মুঠ ব্যয় হৈছে ৬১৫ কোটি টকা। এই অভিযান কেৱল ভাৰতৰ বাবেই নহয়, সমগ্ৰ বিশ্বৰ বিজ্ঞানী সংগঠনৰ ইয়াৰ ওপৰত দৃষ্টি নিবদ্ধ আছে। এই অভিযানৰ এটা গুৰুত্বপূৰ্ণ সংযোজন হৈছে SHAPE প্ৰযুক্তি। যিয়ে বিজ্ঞানীসকলক পৃথিৱীৰ ছবি আৰু চন্দ্ৰৰ কক্ষপথৰ পৰা অন্যান্য মূল্যৱান তথ্য প্ৰদান কৰিব।

You might also like