🔹 শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা মন্ত্ৰী হাজৰিকাৰ
নিয়মীয়া বাৰ্তা, ২৮ জুনঃ জাগীৰোড সমষ্টিৰ নেলী গাঁও পঞ্চায়তৰ অন্তৰ্গত নেলী নিৱাসী তথা ভাৰতীয় জনতা পাৰ্টীৰ ২৯৯নং বুথ সমিতিৰ সহ: সম্পাদক বুবুল ডেকাৰ বনৰীয়া হাতীৰ আক্ৰমণত ২৫ জুনত মৃত্যু হয়। ৩২ বছৰীয়া সৰবৰহী যুৱকজনৰ মৃত্যুত সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰে। আনহাতে, শোকসন্তপ্ত পৰিয়ালটিক সমবেদনা জনোৱাৰ উদ্দেশ্যে আজি মন্ত্ৰী পীয়ূষ হাজৰিকা সদ্য প্ৰয়াত বুবুল ডেকাৰ বাসগৃহত উপস্থিত হয়। শোকসন্তপ্ত পৰিয়ালটিক গভীৰ সমবেদনা জ্ঞাপন কৰি ৩২ বছৰীয়া যুৱ কৰ্মকৰ্তাগৰাকীৰ বিয়োগ ভাৰতীয় জনতা পাৰ্টীৰ বাবে অপূৰণীয় ক্ষতি বুলি মন্ত্ৰী হাজৰিকাই উল্লেখ কৰে। মন্ত্ৰী হাজৰিকাৰ লগতে বিধায়ক দিগন্ত কলিতা প্ৰমুখ্যে ভাৰতীয় জনতা পাৰ্টীৰ কেইবাগৰাকীও নেতা উপস্থিত থাকে।
প্ৰেৰক হৰি প্ৰসাদ মল্লিক