মহানগৰ বার্তা, ২৮ জুনঃ ধাৰাপুৰৰ নতুন বস্তিত আজি আৰক্ষীয়ে অভিযান চলাই বাঘৰ ছাল, হাড়, দাঁতসহ ৪ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ ধৃত সৰবৰাহকাৰীকেইটা ক্রমে হাৰিয়ানাৰ ওম প্রকাশ, ৰামু দাস, মায়া আৰু ৰায়পতি৷ আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুদিন পূর্বে ছাদিৰ আলীৰ ঘৰলৈ ভাৰাতীয়া হিচাপে অহা ধৃত সৰবৰাহকাৰীকেইটাই বিহাৰৰ পৰা বাঘৰ ছাল, হাড়, দাঁত ২৫ হাজাৰ টকাৰ বিনিময়ত গুৱাহাটীলৈ সৰবৰাহ কৰিছিল৷ আজাৰা থানাত বন বিভাগৰ উচ্চপদস্থ বিষয়া আৰু আৰক্ষীয়ে সৰবৰাহকাৰীকেইটাক জেৰা অব্যাহত ৰাখিছে৷