বিশেষ বাৰ্তা, ২৯ জুনঃ মহানগৰীৰ খাৰঘুলিকে ধৰি একাধিক স্থানত পানীৰ পাইপ ফুটি সৃষ্টি কৰা হাহাকাৰ তথা ভয়াবহ পৰিস্থিতিৰ বতাহ মাৰ নৌ যাওঁতে এইবাৰ মহানগৰীৰ পাৰ্শ্ববৰ্তী পানীখাইতীত পানীৰ পাইপ ফুটি কৃত্ৰিম বানৰ সৃষ্টি কৰিছে। এইবাৰৰ স্থান পানীখাইতীৰ হাতীশিলা গণেশ মন্দিৰৰ সমীপৰ নাৰেঙ্গী-চন্দ্ৰপুৰ পথত।স্থানীয় বাসিন্দাই জানিব দিয়া অনুসৰি দিনৰ প্ৰায় চাৰে তিনি মান বজাত হাতীশিলা গণেশ মন্দিৰলৈ যোৱা তথা মুখ্য দ্বাৰৰ সমীপৰে যোৱা নাৰেঙ্গী-চন্দ্ৰপুৰ পথৰ দাঁতিত পোতা পানীৰ পাইপ ফুটি পানী ওলাবলৈ ধৰে।প্ৰত্যক্ষদৰ্শীয় কোৱা মতে এক অস্বাভাৱিক শব্দ কৰি পানীৰ পাইপ এডাল ফুটি তাৰ পৰা প্ৰচণ্ড গতিত পানী ওলাবলৈ আৰম্ভ কৰে।প্ৰথম অৱস্থাত অৰ্থাৎ পাইপডাল ফুটাৰ লগে লগে প্ৰায় ৬-৭ ফুট উচ্চতা পৰ্যন্ত পানী ওপৰলৈ উঠে।সেই পানীয়ে নিমিষতে ঘাইপথচোৱা পানীৰে উপচি পেলায়।তাৰ পিছতে অধিক তীব্ৰ গতিত পানী নিৰ্গত হৈ গণেশ মন্দিৰলৈ যোৱা পথটোত একপ্ৰকাৰ মহাপ্লাবনৰ সৃষ্টি কৰে।কিছু সময় ধৰি প্ৰবল গতিত ওলোৱা বোকাপানীয়ে সমগ্ৰ পথ চোৱা বোকাময় কৰি তোলাৰ উপৰি পথৰ কাষত থকা কেবাটাও বাসগৃহৰ চোতালত কৃত্ৰিম বানৰ সৃষ্টি হয়।অৱশ্যে প্ৰায় পোন্ধৰ মিনিট সময় এনেদৰে পাইপ ডালেৰে পানী নিৰ্গত হোৱাৰ পিছত নিৰ্গত পানীৰ সোঁত কমিবলৈ লয়।কিন্তু সেই পোন্ধৰ মিনিটৰ ভিতৰত বোকাময় কৰি তোলে নাৰেঙ্গী – চন্দ্ৰপুৰ আৰু গণেশ মন্দিৰ পথ।উল্লেখ্য যে শঙ্কৰ দাস নামৰ ঠিকাদাৰ গৰাকীৰ মলিকাধিন শিভম কন্সট্ৰাকচন নামৰ নিৰ্মাণ প্ৰতিষ্ঠানটোই চন্দ্ৰপুৰৰ তাতিমাৰাত ২৬৮ কোটি টকা ব্যয় সাপেক্ষে নীৰ নিৰ্মল পানী যোগান আঁচনি এটা নিৰ্মাণ কৰিছে।২০১৫ চনত নিৰ্মাণ আৰম্ভ কৰা প্ৰকল্পটো ২০১৮ চনত আংশিক ভাবে শুভাৰম্ভ কৰি নিকটবৰ্তী অঞ্চল সমূহত পানী যোগানৰ ব্যৱস্থা কৰিছে।এই প্ৰকল্পটোৰ জৰিয়তে চন্দ্ৰপুৰ আৰু পানীখাইতীৰ লগতে বোন্দা ,নাৰেঙ্গী আদি অঞ্চলত পানী যোগান ধৰাৰ বাবে নাৰেঙ্গী – চন্দ্ৰপুৰ পথৰ দাতিৰে পাইপ পুতিছিল।জানিব পৰা মতে শেষতীয়াকৈ পানী যোগানৰ পৰীক্ষণ চলোৱাৰ সময়তে আজি নিৰ্দিষ্ট পাইপ ফুটি পানী ওলাবলৈ ধৰে। এনেদৰে পৰীক্ষণৰ সময়তে পাইপ ফুটা কাৰ্যৰ প্ৰতি লক্ষ্য কৰি অতি নিম্ন মানৰ পাইপ স্থাপন কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে।পানী যোগানৰ ব্যৱস্থা পূৰ্ণ ৰূপত আৰম্ভ কৰাৰ পূৰ্বে এনেদৰে পাইপ ফুটা কাৰ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ অঞ্চলটোত।
প্ৰেৰক বিভাষ দাস