নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিয়নিত যোৰহাট জিলা দিৱস উপলক্ষে সাংস্কৃতিক শোভাযাত্ৰা

বিশেষ বাৰ্তা, ২৯ জুনঃ অবিভক্ত শিৱসাগৰ জিলাৰ পৰা ফালৰি কাটি ১৯৮৩ চনৰ ১ জুলাইত গঠন হোৱা যোৰহাট জিলাই ৪০ বছৰত ভৰি দিলে। সেই উপলক্ষে যোৰহাট জিলা প্ৰশাসনৰ উদ্যোগত সমগ্ৰ জিলাখনতে তিনিদিনীয়াকৈ আয়োজন কৰা যোৰহাট জিলা দিৱসৰ আজি মৰিয়নিত আৰম্ভ হয়। আজি পুৱা মৰিয়নিৰ ৰাজহ চক্ৰ কাৰ্য্যালয়ৰ উদ্যোগত এক বিশাল সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়। মৰিয়নিৰ কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ সন্মুখত বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে এই সাংস্কৃতিক শোভাযাত্ৰাৰ ফ্লেগ অফ কৰি আৰম্ভ কৰে। যুৱ সমাজকৰ্মী দীপেন দাসে আঁ‌ত ধৰা এই অনুষ্ঠানত মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কুইন গগৈ, মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ-পৌৰপতি প্ৰদীপ দাস, পৌৰসদস্য ৰঞ্জুশ্ৰী দাস, কস্তুৰী আগৰৱালা গগৈ, চুমকি মজুমদাৰ দত্ত, মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰিতম কুমাৰ শইকীয়া, চুপাৰভাইজাৰ কাননগো ৰাজীৱ গগৈ প্ৰমুখ্যে ব্যক্তিসকলে অংশগ্ৰহণ কৰে। মৰিয়নি অঞ্চলৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় ৰাইজে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। মৰিয়নি নগৰ পৰিভ্ৰমণ কৰাৰ অন্তত শোভাযাত্ৰাকাৰীসকলে বাপুজী ষ্টেডিয়ামত সমবেত হয় আৰু তাতেই এক চমু অনুষ্ঠান অনুষ্ঠিত হয়। কাইলৈ দ্বিতীয় দিনা অৰ্থাৎ শুকুৰবাৰে পুৱা চাইকেল ৰেলী অনুষ্ঠিত হ’ব। কিংশুক ক্ৰীড়া-সাংস্কৃতিক চ’ৰাৰ সহযোগত পুৱা ৯ বজাৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই চাইকেল ৰেলীত অংশগ্ৰহণৰ বাবে সকলোৰে প্ৰতি প্ৰশাসনে আহ্বান কৰিছে। তাৰ পিছতেই মৰিয়নি ক্ৰীড়া সন্থাৰ সহযোগত বাপুজী ষ্টেডিয়ামত পৰম্পৰাগত খেল ধেমালী অনুষ্ঠিত হ’ব। একেদিনাই মৰিয়নিত অৱস্থিত ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁ‌ৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, বিশ্বকবি ৰবীন্দ্ৰনাথ ঠাকুৰ, বীৰছা মুণ্ডা, মহাত্মা গান্ধী আৰু আটছাৰ পঞ্চ শ্বহীদৰ আৱক্ষ মূৰ্তিৰ লগতে নাগাজাংকাত অৱস্থিত শ্বহীদ ৰূপম গগৈ, নকছাৰী ৰজাবাৰীৰ গমধৰ কোঁ‌ৱৰ, দেবেৰাপাৰ চাৰিআলিৰ বীৰ লাচিত বৰফুকনৰ পূৰ্ণাংগ মূৰ্তিত শ্ৰদ্ধাঞ্জলি জনোৱা হ’ব। সকলো কাৰ্য্যসূচীতে ৰাইজৰ অংশগ্ৰহণ উদ্যোক্তাসকলে একান্তৰেই কামনা কৰিছে।

প্ৰেৰক দিব্যজ্যোতি শইকীয়া

You might also like