👉কি ঘটিছিল ২১ জুনৰ মাজ নিশা?
👉ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদ মেল
👉ঘগ্ৰাপাৰ থানাৰ পৰিদৰ্শক বিমান ৰয়ক চাকৰিৰ পৰা নিলম্বন
👉পলাতক আৰক্ষী বিষয়াৰ সন্ধান দিওঁতাক পুৰস্কাৰ ঘোষনা
👉নলবাৰীত এমাহৰ ভিতৰত আৰক্ষীৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু
বিশেষ বাৰ্তা, ২৯ জুনঃ থানাৰ ভিতৰতেই কিশোৰীক যৌন নিৰ্যাতন চলাই নলবাৰীৰ এগৰাকী আৰক্ষীয়ে এক জঘন্য কাণ্ড সংঘটিত কৰি সমগ্ৰ অসম আৰক্ষীৰ খাকী পোচাকত কলা দাগ লগা ঘটনাই জোকাৰি নিছে অসম আৰক্ষীক। নলবাৰীৰ ঘগ্ৰাপাৰ থানাৰ এগৰাকী উপ পৰিদৰ্শকে এগৰাকী কিশোৰীক যৌন নিৰ্যাতন চলোৱা বুলি এজাহাৰ দাখিল কৰাৰ পিছতেই সমগ্ৰ ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে ২১ জুনৰ মাজনিশা বৰ্বৰতাৰ সীমা চেৰাই গৈ অভিযুক্ত আৰক্ষী উপ-পৰিদৰ্শকগৰাকীয়ে কিশোৰীগৰাকীক ভয়, ডাবি-ধমকি দি বলপূৰ্বকভাৱে উলংগ কৰি ফটো উঠোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পিছতেই ৰহস্যজনকভাৱে আজি ঘগ্ৰাপাৰ থানাৰ পৰা পলাল ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিমান ৰয়। এতিয়া এই আৰক্ষী বিষয়াগৰাকীক সন্ধান দিৱ পাৰিলে পুৰস্কাৰ ঘোষনা কৰিছে অসম আৰক্ষীয়ে। ইপিনে,আৰক্ষী বিষয়া গৰাকীক নিলম্বন কৰে অসম আৰক্ষীয়ে। কিশোৰীৰ যৌন নিৰ্যাতনৰ ঘটনাত ঘগ্ৰাপাৰ থানাৰ কোন আৰক্ষী বিষয়া অভিযুক্ত এই লৈ সংবাদ-মাধ্যমত চৰ্চা চলি থকাৰ মাজতে ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী পলাতক হোৱা ঘটনাই বিভিন্ন প্ৰশ্নৰ উঠিছে। এইগৰাকী লম্পট আৰক্ষী বিষয়াক পলোৱাৰ ক্ষেত্ৰত কোনো তৃতীয় পক্ষ জড়িত আছে নেকি?
ঘটনা সন্দৰ্ভত আৰক্ষী অধীক্ষকৰ সংবাদ মেল….
কিশোৰীক যৌন নিৰ্যাতন কৰা ঘটনাই অসম আৰক্ষীক জোকাৰি নিয়াৰ পিছত আজি পুৱাৰ ভাগত নলবাৰীৰ আৰক্ষী অধীক্ষক সুধাকৰ সিঙে কাৰ্যালয়ৰ সভাগৃহত এখন সংবাদ মেল আয়োজন কৰি কয়- সমস্ত ঘটনাৰ নিৰপেক্ষ তদন্ত হৱ আৰু মই নিজে এই ঘটনাৰ পৰ্যবেক্ষনত আছো। থানাৰ চি চি কেমেৰা বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰা হৱ। কাইলৈ ঘগ্ৰাপাৰ থানাৰ আৰক্ষীক নলবাৰীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰাই অভিযুক্ত আৰক্ষীক চিনাক্ত কৰাৰ ব্যৱস্থা কৰা হৱ। প্ৰকৃত অভিযুক্ত আৰক্ষী চিনাক্ত হ’লে ইয়াৰ পিছত আইন অনুসৰি অভিযুক্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা লোৱা হৱ। কিশোৰীজনীৰ স্বাস্থ্য পৰীক্ষা সেইদিনাই কৰিৱ লাগিছিল, যদি কৰা নাই তেন্তে তেনেবোৰ কথাও তদন্তৰ আওতাত আহিৱ।কিশোৰীজনীক সেইদিনাই ৰাজ্যিক শিশু গৃহত বা শিশু কল্যাণ সমিতিৰ তাত ৰাখিব লাগিছিল।এইবোৰ সকলো গোচৰৰ আওতাত থাকিব। আমি এই সকলো পৰ্যবেক্ষনত ৰাখিছো। আইনী যি ব্যৱস্থা লৱ লাগে সেয়াও হৱ আৰু বিভাগীয়ভাৱে যি ব্যৱস্থা লৱ লাগে সেয়াও হৱ। অভিযুক্তক চিনাক্ত কৰাৰ বাবে অন্য ঘটনাত ন্যায়ালয়ৰ জৰিয়তে কৰা নহয়,গতিকে আৰক্ষী জৰিত থকা এনে ঘটনাত কিয় ন্যায়ালয়ৰ জৰিয়তে কৰিৱ লগা হ’ল বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত আৰক্ষী অধীক্ষকগৰাকীয়ে ক’ৰ্ট বা ন্যায়ালয়ক আগতীয়াকৈ নজনাকৈ আচামীক আগতীয়াকৈ চিনাক্ত কৰিলে পিছত ন্যায়ালয়ত গোচৰটো ফেল মাৰে বুলি সংবাদ মেলত সদৰি কৰে আৰক্ষী অধীক্ষকগৰাকীয়ে। অৱশ্যে কিশোৰীগৰাকীৰ আজি স্বাস্থ্য পৰীক্ষা কৰা হয়। ইপিনে, আন এক প্ৰশ্নৰ উত্তৰত যিহেতু অভিযুক্তৰ নাম এজাহাৰত উল্লেখ কৰা নাই, সেয়ে আটাইবোৰ আৰক্ষীক নিলম্বিত কৰিলে থানা নচলে বুলিও মন্তব্য কৰে। এই সংবাদ মেলৰ পিছতেই নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয় অসম আৰক্ষীৰ উপ-আৰক্ষী সঞ্চালকপ্ৰধান (ডি আই জি) ব্ৰজেন্দ্ৰ সিনহা। ডি আই জিগৰাকীয়ে পোনে পোনে ঘগ্ৰাপাৰ থানালৈ গৈ ঘটনাৰ বুজ লয়।
ঘগ্ৰাপাৰ থানাৰ পৰিদৰ্শক বিমান ৰয়ক চাকৰিৰ পৰা নিলম্বন
পলাতক আৰক্ষী বিষয়াৰ সন্ধান দিওঁতাক পুৰস্কাৰ ঘোষনা
ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তথা উপ পৰিদৰ্শক বিমান ৰয়ক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে। কিশোৰীগৰাকীক থানাৰ ভিতৰতে যৌন আতিশয্য চলোৱাৰ অভিযোগত নিলম্বন কৰা হৈছে বুলি আৰক্ষী সঞ্চালকপ্ৰধান জি পি সিঙে টুইটযোগে প্ৰকাশ কৰিছে। সম্প্ৰতি পলাতক হৈ থকা আৰক্ষী বিষয়াগৰাকীৰ কোনো লোকে সন্ধান পালে নলবাৰী আৰক্ষী অধীক্ষকক জনাবলৈও আহ্বান জনোৱা হৈছে। সন্ধান দিওঁতাক পুৰস্কাৰ দিয়া হ’ব বুলিও আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে ঘোষণা কৰিছে। লক্ষণীয়ভাবে উক্ত ভয়ংকৰ কাণ্ড সন্দৰ্ভত আৰক্ষী সঞ্চালকপ্ৰধানৰ নিৰ্দেশ মৰ্মে নলবাৰীত উপস্থিত হোৱা ডিআইজি ব্ৰজেনজিৎ সিনহা ঘগ্ৰাপাৰলৈ যোৱাৰ পূৰ্বেই পলায়ন কৰে থানাখনৰ পৰিদৰ্শক বিমান ৰয়ে।
আৰক্ষীক জেৰা তদন্তকাৰী বিষয়াৰ.
আৰক্ষী বিষয়াৰ বিৰুদ্ধে ভুক্তভোগী কিশোৰীগৰাকীয়ে যোৱা ২৬ জুনত দাখিল কৰা এজাহাৰৰ ভিত্তিত নলবাৰী সদৰ থানাত পঞ্জীয়নভুক্ত ভাৰতীয় দণ্ডবিধিৰ ৩৫৪ (বি)/৫০৯/ ধাৰাৰ ২৮৭/২৩ নম্বৰ গোচৰৰ লগতে শিশু নিৰ্যাতনবিৰোধী আইনৰ অধীনত ১২/১৪(১) নম্বৰত গোচৰৰ তদন্ত লাভ কৰা নলবাৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক অলিন্দিতা গগৈয়ে আজি বিয়লি ঘগ্ৰাপাৰ থানাৰ কেইগৰাকীমান আৰক্ষীক তলৱ কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলায়।
নলবাৰীত এমাহৰ ভিতৰত আৰক্ষীৰ বিৰুদ্ধে তিনিটা গোচৰ ৰুজু
প্ৰায় এমাহপূৰ্বে মহিলাৰ শ্লীলতা হানিৰ গোচৰত অভিযুক্ত হৈ নলবাৰী জিলাৰ বেলশৰ শিঙিমাৰা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া (আই চি) মোহন দলে চাকৰিৰ পৰা নিলম্বন হৱ লগা হৈছিল। ইয়াৰ কিছুদিন পূৰ্বে জালাখনৰ টিহু থানাৰ এগৰাকী আৰক্ষীয়ে ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাক চালকে ধন নিদিয়াৰ বাবে প্ৰহাৰ কৰিছিল নিৰ্মমভাৱে। এনে ঘটনা সন্দৰ্ভত নলবাৰী আৰক্ষীৰ আচৰণ আৰক্ষী অধীক্ষকগৰাকীক আজি সাংবাদিকে উনুকিয়াই দি এনে অভিযুক্ত আৰক্ষীক কিয় গ্ৰেপ্তাৰ কৰা নহ’ল বুলি প্ৰশ্ন কৰে।
কি ঘটিছিল ২১ জুনৰ মাজ নিশা?
যোৱা ২১ জুনৰ দিনা ঘগ্ৰাপাৰ অন্তৰ্গত বালিতাৰাৰ এজন মুছলমান যুৱকৰ সৈতে পলাই যোৱাৰ সময়ত হিন্দু সম্প্ৰদায়ৰ কিশোৰী এগৰাকী আটক হৈছিল। অভিযোগ অনুসৰি, নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ এগৰাকী উপ-পৰিদৰ্শকে কিশোৰীগৰাকীক যৌন নিৰ্যাতন চলায়। থানাৰ ভিতৰতে কিশোৰীগৰাকীক আৰক্ষী বিষয়াগৰাকীয়ে শাৰীৰিক নিৰ্যাতন চলোৱাৰ উপৰি থানাৰ ভিতৰতে বলপূৰ্বকভাবে উলংগ কৰি ফটো উঠোৱাৰ অভিযোগ উত্থাপন হৈছে। আনকি উদণ্ড নিৰ্দয় আৰক্ষী বিষয়াগৰাকীয়ে আনকি ঘটনা সন্দৰ্ভত মুখ নুখুলিবলৈ ভাবুকি প্ৰদান কৰিছিল। ইপিনে, কিশোৰীগৰাকীৰ স্বাস্থ্য পৰীক্ষা নকৰাৰো অভিযোগ উত্থাপন হৈছে। পিছত ২১ জুনত কিশোৰীগৰাকীয়ে সমস্ত ঘটনা বিৱৰি নলবাৰী সদৰ থানাত এখন এজাহাৰ দাখিল কৰে। পিছত নলবাৰী আৰক্ষীয়ে ধৃত কিশোৰীগৰাকীক ঘগ্ৰাপাৰ থানালৈ প্ৰেৰণ কৰিছিল। এই নিৰ্লজ্জ কাণ্ডই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জনহিতক-জনসেৱাৰ হকে নিয়োজিত আৰক্ষীৰ এনে নিৰ্লজ কাণ্ডক সকলোৱে ধিক্কাৰ দিছে।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন