বিশেষ বাৰ্তা, ২৯ জুনঃ সময়মতে কৰ পৰিশোধ নকৰা যান–বাহনৰ বিৰুদ্ধে কঠোৰ হ’ব ৰাজ্যৰ পৰিৱহন বিভাগ৷ অনাদায় কৰ আদায় দিয়াৰ বাবে পৰিৱহন বিভাগে ধার্য কৰি দিয়া চূড়ান্ত সময়সীমা কাইলৈ উকলি যাব৷ পৰিৱহন বিভাগে বান্ধি দিয়া এই সময়সীমাৰ ভিতৰত কৰ পৰিশোধ নকৰা যান–বাহনৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰা হ’ব৷ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি অহা ১ জুলাইৰ পৰা বিভাগে ৰাজ্যৰ প্রান্তে প্রান্তে কৰ আদায় নিদিয়া বাহনসমূহৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ ৰাজপথত তালাছীৰ জৰিয়তে বিভাগৰ অধীনত কৰ অনাদায় হৈ থকা বাহনসমূহৰ বিৰুদ্ধে অভিযান চলোৱাৰ লগতে তেনে বাহন জব্দ কৰাও হ’ব পাৰে বুলি সূত্রটোৱে প্রকাশ কৰিছে৷ উল্লেখ্য যে বাণিজ্যিক কৰৰ লগতে পঞ্জীয়ন কৰ, ফিটনেচ প্রমাণপত্র, ড্রাইভিং লাইছেন্স, বীমাৰ প্রমাণপত্র, প্রদূষনৰ প্রমাণপত্র আদি বিভিন্ন নথি–পত্র নথকা বাহনৰ বিৰুদ্ধেও পৰিৱহন বিভাগ কঠোৰ হ’ব৷ সমান্তৰালভাৱে মদ্যপান কৰি গাড়ী চলোৱা, ভুল দিশেৰে গাড়ী চলোৱা আদি ক্ষেত্রতো পৰিৱহন বিভাগে ব্যৱস্থা গ্রহণ কৰিব৷ উল্লেখ্য যে দুদিন পূর্বে এখন বৈঠকৰ জৰিয়তে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ৰাজ্যৰ ৰাষ্ট্রীয় ঘাইপথসমূহত দুর্ঘটনা বৃদ্ধি হোৱাক লৈ উদ্বেগ প্রকাশ কৰিছিল৷ যাৰ পৰিপ্রেক্ষিতত হেলমেট পৰিধান নকৰা, সুৰাপান কৰি গাড়ী চলোৱা চালকৰ বিৰুদ্ধে কঠোৰ হ’বলৈ সংশ্লিষ্ট কর্তৃপক্ষক নির্দেশ দিছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে ৰাজ্যৰ বিভিন্ন জিলাত বহু বাহনে বিভিন্ন কৰ আদায় দিয়া নাই৷ কেৱল গুৱাহাটী মহানগৰীতে যান–বাহনৰ অনাদায় কৰৰ পৰিমাণ কেইবা কোটিতকৈ অধিক৷