নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ছমৰীয়া আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ গাঞ্জা

নিয়মীয়া বাৰ্তা, ২৯ জুন : ৰাজ্যত প্ৰতিদিনে অব্যাহত আছে ড্ৰাগছৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান। কামৰূপৰ বকো আৰক্ষীয়েও বিভিন্ন সময়ত গাঞ্জা, ড্ৰাগছ আদিৰ বিৰূদ্ধে অভিযান চলাই আহিছে। আজি বকো থানাৰ অন্তৰ্গত ছমৰীয়া আৰক্ষী পহৰা চকীৰ অধীনস্থ এলেকা পুঠিমাৰীত এক গোপন খবৰৰ ভিত্তিত ছমৰীয়া আৰক্ষী পহৰা চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জুলি দাসৰ নেতৃত্বত এটি আৰক্ষীৰ দলে গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে অতৰ্কিতে চলালে অভিযান। এই অভিযানত জব্দ আঢ়ৈ কিলোগ্ৰাম ওজনৰ গাঞ্জা। জব্দকৃত গাঞ্জাখিনিৰ আনুমানিক বজাৰ মূল্য প্ৰায় পঁচিছ হাজাৰ টকা। উল্লেখ্য যে এই গাঞ্জা সৰবৰাহৰ লগত পুঠিমাৰী গাঁৱৰ প্ৰাক্তন বিজেপি মণ্ডল সভাপতি সুধীৰ চৌধুৰীৰ পুত্ৰ কিশোৰ চৌধুৰীক গ্ৰেপ্তাৰ কৰিছে ছমৰীয়া আৰক্ষীয়ে। খবৰ অনুসৰি গাঞ্জা ব্যৱসায়ী কিশোৰ চৌধুৰীয়ে দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকূত ধূলি দি চলাই আহিছে গাঞ্জাৰ ৰমৰমীয়া ব্যৱসায়। ইতিমধ্যে গ্ৰেপ্তাৰ কৰা গাঞ্জা ব্যৱসায়ী জনক বকো থানালৈ আনি জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে। শুকুৰবাৰে দিনৰ ভাগত গাঞ্জা ব্যৱসায়ী কিশোৰ চৌধুৰীক জেল হাজোতলৈ প্ৰেৰণ কৰিব আৰক্ষীয়ে।

প্ৰেৰক প্ৰীতম বায়ন

You might also like