🔴 অচল কেকুঁৰি গাঁও পঞ্চায়ত কাৰ্যালয়
🔴 নিজ দখলীস্বত্বৰ মাটি দি নিযুক্তি নোপোৱাত ক্ষুব্ধ খনিকৰ
নিয়মীয়া বাৰ্তা, ৩০ জুনঃ ঢকুৱাখনা মহকুমাৰ ঘিলামৰা উন্নয়ন খণ্ডৰ অন্তগত কেকুঁৰি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ মূল গেটত চন্দ্ৰকান্ত খনিকৰ নামৰ ব্যক্তিগৰাকীয়ে তলাবন্ধ কৰি সময়ে সময়ে প্ৰতিবাদ সাব্যস্ত কৰি অহাত পঞ্চায়তৰ কাম-কাজ অচল হৈ পৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকি দিয়াত আতংকিত হৈছে পঞ্চায়ত কৰ্মীসকল ৷ প্ৰাপ্ত তথ্য মতে, কেকুঁৰি গাওঁ পঞ্চায়তৰ অন্তৰ্গত কুৰৈগুৰি গাঁৱৰ চন্দ্ৰকান্ত খনিকৰ নামৰ ব্যক্তিগৰাকীয়ে দীৰ্ঘদিন পঞ্চায়ত কাৰ্যালয়ৰ কেইবাটাও কোঠা নিজাববীয়াকৈ ব্যৱহাৰ কৰাৰ উপৰি গৰু বন্ধা ঘৰ হিচাপে ব্যৱহাৰ কৰি আহিছে পঞ্চায়তৰ চাইকেল ষ্টেণ্ডটো ৷ খনিকৰে প্ৰতি বছৰে ২-৩ বাৰ কাৰ্যালয়টোৰ মূল গেটত তলাবন্ধ কৰি পঞ্চায়ত প্ৰতিনিধি আৰু পঞ্চায়ত কৰ্মচাৰীৰ লগতে সাধাৰণ ৰাইজৰ প্ৰৱেশ নিষিদ্ধ কৰি একপ্ৰকাৰ তাণ্ডৱ সৃষ্টি কৰি আহিছে যদিও চৰকাৰ, প্ৰশাসন বা বিভাগীয় কৰ্তৃপক্ষই বিষয়টো সমাধান নকৰাত জুন মাহৰ আৰম্ভণিতে পুনৰ তলাবন্ধ কৰাত যোৱা প্ৰায় এটা মাহে পঞ্চায়তখনৰ কাম-কাজ অচল হৈ পৰিছে ৷ ঘটনা সন্দৰ্ভত কেকুঁৰি গাঁও পঞ্চায়তৰ সভাপতি, সচিব আদিয়ে বিভাগীয় ঊৰ্ধ্বতন কৰ্তৃপক্ষ, মহকুমা প্ৰশাসনক বছৰ বছৰ ধৰি অৱগত কৰি অহাৰ পিছতো এটা চৰকাৰী কাৰ্যালয় দখল কৰি বিভাগীয় কৰ্মচাৰী, জনপ্ৰতিনিধিৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ লগতে সামাজিক মাধ্যমৰ জৰিয়তে ভাবুকি দি অহা ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ জানিব পৰা মতে, খনিকৰে পঞ্চায়তখনৰ এটা চতুৰ্থ বৰ্গৰ পদৰ আশাত বহু বছৰ পূৰ্বতে কেকুঁৰি গাঁও পঞ্চায়ত কাৰ্যালয় স্থাপনৰ বাবে নিজা দখলীস্বত্ব থকা মাটি দি আজিলৈকে কোনো পদত নিযুক্তি নোপোৱাৰ বাবেই এনে পদক্ষেপ হাতত লোৱা বুলি জানিবলৈ দিয়ে যদিও কাৰ্যালয়ৰ মূল গেটত তলাবন্ধ কৰা ২৫ দিনৰ পিছতো মহকুমা প্ৰশাসনে কোনো পদক্ষেপ গ্ৰহণ নকৰাত ক্ষুব্ধ হৈ অনতিপলমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ মহকুমা প্ৰশাসনক সজোৰে দাবী জনাইছে পঞ্চায়তবাসীৰ লগতে পঞ্চায়তৰ কৰ্মচাৰীসকলে ৷ এইক্ষেত্ৰত স্থানীয় প্ৰশাসন, মহকুমা প্ৰশাসন আৰু জিলা প্ৰশাসনৰ লগতে বিভাগীয় কৰ্তৃপক্ষই কেনে পদক্ষেপ গ্ৰহণ কৰে, তাৰ ওপৰতে নিৰ্ভৰ কৰিব যদিও এই ঘটনাৰ স্থায়ী সমাধানৰো দাবী জনাইছে পঞ্চায়তবাসীৰ লগতে পঞ্চায়ত প্ৰতিনিধি আৰু সচেতন মহলে ৷
প্ৰেৰক ৰাজেশ বুঢ়াগোহাঞি