📌 ৰাষ্ট্ৰীয় পৰ্যায়ত কঢ়িয়াইছে সন্মান
বিশেষ বাৰ্তা, ৩০ জুনঃ কৰ্মই ধৰ্ম বুলি কোৱা বাক্যশাৰীকে সাৰোগত কৰি তিনিচুকীয়াৰ শ্ৰীপুৰীয়া ৭০০ নম্বৰ গেটৰ বিশেষভাৱে সক্ষম যুৱক বিপুল চেতিয়াই অসমলৈ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান ৷ প্ৰয়াত লোহিত চেতিয়া আৰু গীতালি চেতিয়াৰ পুত্ৰ বিপুল চেতিয়া (৩০) ৷ চতুৰ্থ শ্ৰেণীত পঢ়ি থকাৰ সময়তে পিতৃহাৰা হোৱাৰ পাছত মাতৃয়ে দ্বিতীয় বিবাহ হয় প্ৰশান্ত চেতিয়াৰ স’তে ৷ তাৰ পাছত দশম শ্ৰেণীত অধ্যয়ন কৰি থকা সময়ৰ পৰাই বিপুল চেতিয়াই নিজৰ পঢ়াৰ খৰচ উলিয়াবলৈ বজাৰত বিক্ৰী কৰিছিল শাক-পাচলি ৷ পৰৱৰ্তী সময়ত নিজৰ অক্ষমতাক প্ৰাধান্য নিদি বিপুলে ২০১১ চনৰ পৰা আৰম্ভ কৰিলে শৰীৰ চৰ্চা ৷ তাৰ সমান্তৰালভাৱে ২০১৩ চনৰ পৰা নিজৰ ঘৰৰ সন্মুখতে এখন মাংসৰ সৰু দোকান আৰম্ভ কৰিছিল ৷ দোকান ঠিকেই চলি আছিল যদিও পৰৱৰ্তী সময়ত মাংসৰ দোকান অধিক হোৱাত ব্যৱসায় সলনি কৰিলে বিপুলে ৷ মাংস দোকানৰ কাষতেই ২০১৮ চনৰ পৰা সৰুকৈ আৰম্ভ কৰিলে সকলোৱে ভালপোৱা ফাষ্টফুডৰ ব্যৱসায় ৷ ম’ম’, ফ্ৰাইড ৰাইচ, চাওমিনকে আদি কৰি গ্ৰাহকে সোৱাদ ল’বলৈ বিচৰা অধিকাংশ খাদ্যই উপলব্ধ বিপুল চেতিয়াৰ “ইট ম’ৰ” নামৰ ফাষ্টফুডৰ ঠেলাখনত ৷ আবেলি তিনি বজাৰ পৰা নিশা ১০ বজালৈ ফাষ্টফুড ব্যৱসায় প্ৰতিদিনেই বিপুলে মাতৃৰ সহযোগত চলাই আহিছে। এতিয়া বিপুলৰ হাতৰ সোৱাদ ল’বলৈ আগমন ঘটে অগণন গ্ৰাহকৰ ৷ ফাষ্টফুডৰ ব্যৱসায়ৰ জৰিয়তে বিপুলে নিজকে স্বাৱলম্বী কৰাৰ সমান্তৰালভাৱে নিজে দৃঢ় সংকল্প লোৱা শৰীৰচৰ্চা কৰাত আগুৱাই গৈছে প্ৰতিদিনে ৷ পলিঅত আক্ৰান্ত বিপুলৰ বাঁওফাল দুৰ্বল যদিও মনত আছে বিপুলৰ অদম্য সাহস আৰু ধৈয্য, যাৰ জৰিয়তে কিছুদিনৰ পূৰ্বে বিপুলে কঢ়িয়াই আনিছে এক ৰাষ্ট্ৰীয় সন্মান ৷ ১৬ জুনৰ পৰা ২১ জুনলৈ International Health, Sports & Fitness body building association-এ দিল্লীত অনুষ্ঠিত Star category ( Physically challenge) প্ৰতিযোগিতাত একেৰাহে IHFF Olympia pro qualifier 1st Runner Up Silver medel, BBSA Mr Asia Winner Gold Medal আৰু FBBA National winner gold মেডেল লাভ কৰি তিনিচুকীয়া জিলাৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিপুলে ৷ এই শাখাত বিপুল প্ৰথমজন অসমীয়া ৷ ২০১১ চনৰ পৰা বিপুলে এইপয্যন্ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দুটা, ৰাষ্ট্ৰীয় পৰ্যায়ত চাৰিটাকৈ পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে বিপুলে ৷ বিপুলৰ সপোন- আগন্তুক অলিম্পিয়াত অংশগ্ৰহণ কৰি প্ৰথমজন অসমীয়া হিচাপে বঁটা আঁজুৰি আনিব, যাৰ কাৰণে আৰম্ভ কৰিছে অনুশীলন ৷ বিপুল চেতিয়াই পুৱা ১১ বজাত তিনিচুকীয়া চহৰস্থিত জীম প্লেনেট গেৰাণ্টীত অনুশীলন কৰাৰ পাছত তিনি বজাৰ পৰা নিশা ১০ বজালৈ চলায় ফাষ্টফুড ৷ উক্ত জিমটোৰ গৰাকী মিন্টু গগৈয়ে বিপুলৰ দৰিদ্ৰতা আৰু সংগ্ৰামৰ কথা উপলব্ধি কৰি ২০১৮ চনৰ পৰা বিনামূলীয়াকৈ সেৱা আগবঢ়াই অহাৰ লগতে প্ৰতিটো মুহূৰ্তত উৎসাহ প্ৰদান কৰি আহিছে ৷ যথেষ্ট ব্যয়বহুল এই প্ৰতিযোগিতাত জয়ী হ’বলৈ বিপুলক প্ৰয়োজন সহৃদয়ৱান লোকৰ সঁহাৰি। শিল-বৰষুণে ফুটা কৰা ঘৰৰ টিনপাট আজিপৰ্যন্ত সলনি কৰিব পৰা নাই বিপুলৰ পৰিয়ালে ৷ বৰষুণ দিলে পানী পৰে বিপুলৰ বাসগৃহত ৷ বিপুলে আমালৈ সন্মান কঢ়িয়াই আনিবৰ কাৰণে বিশেষভাৱে সক্ষম হৈও যি কষ্ট কৰিছে, তাৰ বাবে আমি তেওঁক সকলোৱে উৎসাহ প্ৰদান কৰাটো আমাৰ দায়িত্ব, তেতিয়াহে আৰু ১০জন বিপুলে পাব জীৱন যুঁজত যুঁজিবলৈ সাহস ৷
প্ৰেৰক বিবেক বড়া