নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসামাজিক কাৰ্যকলাপৰ ঘাটি হৈ পৰিছে চাহেবখানা

বিশেষ বাৰ্তা, ৩০ জুনঃ প্ৰকৃতিৰ অনবদ্য উপাদানেৰে ভৰপূৰ চৰাইদেউ জিলাৰ চাহেবখানালৈ যোৱাৰ কথা ভাবিছে নেকি। যদি ভাবিছে, তেনেহ’লে সাৱধান হওক। কাৰণ, চাহেবখানা এতিয়া অসামাজিক কার্যকলাপৰ ঘাটিত পৰিণত হোৱাৰ অভিযোগ উত্থাপন হৈছে। একাংশ নিচাসক্ত উদণ্ড যুৱকৰ বাবে ৰম্যভূমিত পৰিণত হৈছে চাহেবখানা। মন, ভাং তথা নিষিদ্ধ ড্রাগছৰ আড্ডাস্থলী হিচাপে একাংশ উদণ্ড যুৱকে চাহেবখানাক বাছি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে নাম প্রকাশত অনিচ্ছুক স্থানীয় সচেতন লোকে। আনহাতে, এই স্থানত মদ খাই মদৰ বটল পানীৰ মাজলৈ দলিয়াই পেলোৱাৰ ফলত ভগা বটলে কেতিয়াবা বিপদ-বিঘিনি সৃষ্টি কৰিব পাৰে বুলিও আশংকা কৰিছে স্থানীয় লোকে। কেইবাটাও জলপ্ৰপাতৰ সমষ্টি চাহেবখানা নামৰ ঠাইখন বাঁহনিৰ মাজত থকাৰ লগতে এই ঠাইলৈ যোৱা পথটোৰ নিৰ্মাণকার্য অব্যাহত থকাত সম্প্ৰতি মানুহৰ সমাগম সেৰেঙা হৈ পৰিছে আৰু তাৰেই সুযোগ গ্ৰহণ কৰি বিভিন্ন স্থানৰ পৰা অহা একাংশ উদণ্ড যুৱক-যুৱতীয়ে নিচাজাতীয় দ্রব্য সেৱনকে ধৰি অসামাজিক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে। আনহাতে, প্লাষ্টিকৰ বটল, পলিথিন তথা কাপোৰৰ টুকুৰা, নেপকিনকে ধৰি অলাগতিয়াল বস্তু পেলাই একাংশই ইতিমধ্যে বিনষ্ট কৰিছে ঠাইখনৰ পৰিৱেশ। সেয়েহে সময় থাকোঁতেই এই ঠাইক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে এক সুৰক্ষিত স্থান হিচাপে গঢ়ি তুলিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে । মন কৰিবলগীয়া যে ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে প্রাকৃতিক সম্পদেৰে ভৰপূৰ চৰাইদেউ জিলাতো আছে বহু পর্যটন ক্ষেত্র। সেইসমূহৰ ভিতৰত চাহেবখানাও অন্যতম। প্রথমজন অসমীয়া চাহ উদ্যোগী মণিৰাম দেৱানে স্থাপন কৰা চেংলুং চাহ বাগিচা বৰ্তমানৰ চিংলো চাহ বাগিচাৰ মাজত আছে চাহেবখানা নামৰ ঠাইখন। জিলা সদৰ সোণাৰি নগৰৰ পৰা শিৱসাগৰ অভিমুখী পথত ধোদৰ আলিৰ কাষত অৱস্থিত চফ্ৰাই চাহ বাগিচা তিনিআলিৰ পৰা প্ৰায় পাঁচ কিলোমিটাৰমান আগবাঢ়িলেই পোৱা যায় চাহেবখানা। যি ঠাইত ব্ৰিটিছ আমোলাসকলে ভোজভাত খাই অৱসৰ বিনোদন কৰাৰ পাছৰে পৰা চাহেবখানা হিচাপে পৰিচিত। চাহেবখানাত থকা কেইবাটাও জলপ্রপাত তথা প্রাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এই চাহেবখানাৰ পৰা মাত্র পাঁচশ মিটাৰমান আঁতৰত থকা নুনমাটি নিজৰাই প্ৰতিবছৰে আকর্ষিত কৰি আহিছে স্থানীয় লোকসকলক। প্ৰকৃতিৰ ৰম্যভূমি তথা প্রাকৃতিক পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনা থকা এই চাহেবখানা তথা নুনমাটি নিজৰালৈ স্থানীয় লোকসকল আহি ভোজ খায় যদিও প্ৰচাৰৰ অভাৱত আজিও এই ঠাইডোখৰৰ কথা নাজানে বহু জনতাই। চৰাইদেউ জিলা প্ৰশাসনে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ সহযোগত আৰু স্থানীয় লোকসকলক লগত লৈ যদি এই ঠাইডোখৰ পৰ্যটকৰ আকৰ্ষণীয়কৈ গঢ়ি তুলিব পাৰে, তেতিয়াহ’লে জিলাখনৰ পৰ্যটন উদ্যোগৰ বাবে হৈ পৰিব আশাৰ বতৰা । অৱশ্যে শেহতীয়াকৈ অসম দর্শন আঁচনিৰ অধীনত চাহেবখানালৈ যোৱা পথছোৱা নিৰ্মাণৰ জৰিয়তে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলিবলৈ আঁচনি গ্ৰহণ কৰিছে। 
প্ৰেৰক দীপাংকৰ পাল
You might also like