নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“সহোদৰ”ৰ উদ্যোগত “সহোদৰ শৈক্ষিক বঁটা – ২০২৩” প্ৰদান

বিশেষ বাৰ্তা, ৩০ জুনঃ নগাঁও জিলাৰ ৰাইডঙীয়াৰ অগ্ৰণী সামাজিক সংগঠন “সহোদৰ”ৰ উদ্যোগত আয়োজিত ২য় বাৰ্ষিক “সহোদৰ শৈক্ষিক বঁটা – ২০২৩” প্ৰদান অনুষ্ঠানটি কালি আইভেটি গাঁও পঞ্চায়তৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। উল্লেখ্য যে, বৃহত্তৰ ৰাইডঙীয়া অঞ্চলৰ শিক্ষানুষ্ঠানসমূহৰ ভিতৰত শ্ৰেষ্ঠ নম্বৰপ্ৰাপ্তক এই বঁটা প্ৰদান কৰা হয় । এই বৰ্ষত এই সন্মানীয় বঁটা লাভ কৰে শংকৰ মাধৱ বিদ্যাপীঠৰ কৃতি ছাত্ৰী স্নেহা শইকীয়াই। বিশিষ্ট সমাজকর্মী দিলীপ বৰাই সঞ্চালনা কৰা এই গাম্ভীৰ্যপূৰ্ণ সভাত উপস্থিত থাকি আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল হাজৰিকা, বটদ্ৰৱা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপিকা ডঃ প্ৰাঞ্জলী মহন্ত, ৰেনেছাঁ কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষ বিচিত্ৰ নাৰায়ণ শইকীয়া, ৰাইডঙীয়া হলিৰাম শইকীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ মুক্তি দাস, আইলক্ষ্মী আঞ্চলিক আত্মানন্দ দেৱ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণটি কলিতা, আইভেটি গাঁও পঞ্চায়তৰ সভাপতি দেহীৰাম বৰা, বিশিষ্ট সমাজকর্মী ধীৰসিং পাটৰ, কবিন পাটৰ , নাৰায়ণ দাস , নৱকমল ৰাজা , উষা ৰাজখোৱা , মুনিন্দ্ৰ বৰুৱা , সূৰ্য ৰাজখোৱা , যতীন বৰা ,প্ৰভাষ বৰা আদি কৰি কেইবাগৰাকী ব্যক্তিয়ে সভাত ছাত্র-ছাত্ৰীক উদ্দেশ্যি সাৰুৱা ভাষণ প্ৰদান কৰে। ছাত্র-ছাত্ৰীয়ে ভৱিষ্যত জীৱনৰ বাবে কিদৰে নিজক প্ৰস্তুত কৰি নিজৰ লগতে সমাজৰ হকে কাম কৰিব পাৰে, সেই বিষয়ে বিশ্লেষণ কৰে। সভাৰ আৰম্ভণিতে শিল্পী অনু দাসে বৰগীত পৰিৱেশন কৰে। সভাত শংকৰ মাধৱ বিদ্যাপীঠৰ  ছাত্ৰী স্নেহা শইকীয়াক সহোদৰ বঁটা প্ৰদান কৰাৰ লগতে অঞ্চলটোৰ পৰা ডিষ্টিংচন আৰু ষ্টাৰ মাৰ্ক লাভ কৰা ছাত্র-ছাত্ৰীসকলকো বিশেষভাবে অভিনন্দন জনোৱা হয়।

প্ৰেৰক কনক হাজৰিকা

You might also like