ডিঙিত গামোচা লৈ দিল্লী বিশ্ববিদ্যালয়লৈ মেট্র’ ৰে’লেৰে ভ্ৰমণ মোদীৰ
বিশেষ বাৰ্তা, ৩০ জুনঃ ৰাষ্ট্রসংঘৰ মুখ্য কার্যালয়ত যোগ দিৱসত অসমীয়াৰ স্বাভিমান গামোচা পৰিধান কৰি অসমবাসীক গৌৰৱান্বিত কৰাৰ পিছত আজি দিল্লীৰ মেট্র’ ৰে’লত ভ্রমণৰ সময়তো প্রধানমন্ত্রী মোদীৰ ডিঙিত জিলিকিল অসমীয়া স্বাভিমান গামোচা। গামোচাক বিশ্ববাসীক চিনাকী কৰি দিয়াৰ ক্ষেত্রত এক ভূমিকা লোৱা প্রধানমন্ত্রী মোদীয়ে আজি দিল্লী বিশ্ববিদ্যালয়ৰ শতবার্ষিকী অনুষ্ঠানৰ সামৰণী কার্যসূচীত মুখ্য অতিথি হিচাপে অংশ ল’বলৈ মেট্র’ ৰে’লত ভ্রমণৰ সময়তো গামোচা পৰিধান কৰিলে৷ প্রধানমন্ত্রী মোদীয়ে ছ’চিয়েল মিডিয়াত মেট্র’ ৰে’লৰ সহযাত্রীৰ সৈতে নিজেই প্রচাৰ কৰা বার্তালাপৰ আলোকচিত্র প্রধানমন্ত্রীৰ ডিঙিত অসমীয়াৰ স্বাভিমান গামোচা প্রত্যক্ষ কৰা হয়৷ দিল্লী বিশ্ববিদ্যালয়ৰ শতবার্ষিকী অনুষ্ঠনৰ সামৰণিৰ কার্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰাৰ উদ্দেশ্যেৰে প্রধানমন্ত্রী মোদীয়ে মেট্র’ ৰে’লৰ লোককল্যাণ মার্গ মেট্র’ ষ্টেচনৰ পৰা বিশ্ববিদ্যাল মেট্র’ ষ্টেচনলৈ যাত্রা কৰে৷ এই যাত্রাৰ সময়ত যুৱ প্রজন্মৰ সহযাত্রীৰ সৈতে বিভিন্ন বিষয়ক লৈ অন্তৰংগ আলাপ কৰি সন্তুষ্টি ব্যক্ত কৰে প্রধানমন্ত্রীয়ে৷ বিশ্ববিদ্যালয়ৰ কার্যসূচীত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে কয়– দিল্লী বিশ্ববিদ্যালয় কেৱল এখন বিশ্ববিদ্যালয় নহয়৷ ই এক আন্দোলন৷ এই বিশ্ববিদ্যালয়ে প্রতিটো আন্দোলনত অংশগ্রহণ কৰিছে আৰু প্রতিটো আন্দোলনত জীৱন দিছে৷ দিল্লী বিশ্ববিদ্যালয়ে ১০০ বছৰ উদ্যাপন কৰিলে যেতিয়া ভাৰতে স্বাধীনতাৰ ৭৫সংখ্যক বার্ষিকী উদ্যাপন কৰিলে৷ দিল্লী বিশ্ববিদ্যালয়ৰ ইতিহাস দাঙি ধৰি প্রধানমন্ত্রী মোদীয়ে কয়– এসময়ত দিল্লী বিশ্ববিদ্যালয়ত মাত্র তিনিখন মহাবিদ্যালয় আছিল৷ এতিয়া ৯০খনতকৈ অধিক মহাবিদ্যালয় আছে৷ এসময়ত ভাৰতৰ অর্থনীতি ভংগুৰ আছিল আৰু আজি বিশ্বৰ ৫ বৃহত্তম অর্থনীতিৰ ভিতৰত৷ আজি দিল্লী বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্রীৰ সংখ্যা ছাত্রতকৈ অধিক৷ তদুপৰি প্রধানমন্ত্রী মোদীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ কেন্দ্র, বিশ্ববিদ্যালয়ৰ নর্থ কেম্পাছত ফেকাল্টি অৱ টেকন’ল’জী আৰু একাডেমিক ব্লকৰ আধাৰশিলা স্থাপন কৰে৷ এই অনুষ্ঠানত কেন্দ্রীয় শিক্ষামন্ত্রী ধর্মেন্দ্র প্রধানো উপস্থিত থাকে৷ উল্লেখ্য যে ১৯২২চনৰ ১ মে’ত দিল্লী বিশ্ববিদ্যালয় স্থাপন হৈছিল৷ তেতিয়াৰে পৰা বিশ্ববিদ্যালয়খন উন্নীত হৈ এতিয়া বিশ্ববিদ্যালয়খনত ৮৬টা বিভাগ, ৯০খন কলেজ, ৬লাখতকৈ অধিক শিক্ষার্থী আছে৷ বিশ্ববিদ্যালয়খনে ৰাষ্ট্র নির্মাণত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি আছে৷ মনকৰিবলগীয়া যে মেট্র’ ৰে’লত ভ্রমণৰ সময়ত যুৱ প্রজন্মৰ সহযাত্রীৰে হোৱা বার্তালাপৰ অভিজ্ঞতা সন্দর্ভত প্রধানমন্ত্রী মোদীয়ে কয়– শিক্ষার্থীৰ লেখিয়াই মই আজি মেট্র’ৰে ভ্রমণ কৰিছিলোঁ৷ শিক্ষার্থীৰ সৈতে বহু বার্তালাপ কৰিছোঁ৷ কোনখন চিনেমা চাইছে, অ’টিটিত কোনটো চিৰিজ ভাল হৈছে, সেই ৰীল চাইছেনে নাই আদি অনেক বিষয়ত কথা পাতিছোঁ৷