বিশেষ বাৰ্তা, ৩০ জুনঃ ৰাজ্যত পুনৰ বৃদ্ধি পালে বিলাতী সুৰাৰ দাম৷ উল্লেখ্য যে আজি আবকাৰী বিভাগ ৰাজপত্রিত অধিসূচনাযোগে সুৰাৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰাৰ লগতে অসম আবকাৰী (সংশোধিত) অধিনিয়ম ২০২৩ প্রকাশ কৰিছে৷ উক্ত অধিসূচনা প্রকাশৰ লগে লগেই প্রায় সকলো ব্রেণ্ডৰ বিলাতী সুৰাৰ দাম বঢ়াৰ পথ মুকলি হৈ পৰিল৷ এই অনুসৰি বীয়েৰ, জেনেৰেল ব্রেণ্ডৰ ৰাম, ৰেগুলাৰ ব্রেণ্ড, লাগজাৰী ব্রেণ্ড, এলিগেণ্ট প্রিমিয়াম, ক্লাছিক প্রিমিয়াম, চীপ ব্রেণ্ড, এলক’হলযুক্ত পানীয় আৰু ৱাইনত ব্রেণ্ডভেদে ৫ টকাৰ পৰা ২৫ টকালৈ বৃদ্ধি হোৱাটো প্রায় নিশ্চিত হৈ পৰিছে৷