নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৰিগাঁৱত বিশ্ব অভিলেখ অনুষ্ঠানৰ বিহুৱা-বিহুৱতীক মাননি, প্ৰমাণ-পত্ৰ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

বাৰ্তা ব্যুৰো, ১ জুলাইঃ অসম চৰকাৰৰ জলসম্পদ, সংসদীয় পৰিক্ৰমা, তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি মৰিগাঁও জিলাত সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত পুলিচ ৰিজের্ভ প্ৰেক্ষাগৃহত বিহুনৃত্যৰে বিশ্ব অভিলেখ গঢ়া শিল্পীসকললৈ প্ৰমাণ-পত্ৰ আৰু মাননি প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰে। জলসম্পদ মন্ত্ৰীগৰাকীয়ে মৰিগাঁৱৰ আৰক্ষী ছাউনীৰ মুকলি প্ৰেক্ষাগৃহত আয়োজিত অনুষ্ঠানত উপস্থিত হৈ বিহুনৃত্যৰে বিশ্ব অভিলেখত অংশ লোৱা জিলাখনৰ ২১০গৰাকী বিহুৱা আৰু বিহুৱতীক প্ৰমাণ-পত্ৰ আৰু উদগনিমূলক মাননি আনুষ্ঠানিকভাৱে প্ৰদান কৰে । উল্লেখযোগ্য যে অসম চৰকাৰৰ উদ্যোগত বিগত এপ্ৰিল মাহৰ ১৩ তাৰিখে সৰুসজাই ষ্টেডিয়ামত আয়োজিত বিহু অনুষ্ঠানত ১১,৩৩৯ গৰাকী বিহুৱা-বিহুৱতীৰ অংশগ্ৰহণেৰে সৰ্ববৃহৎ বিহুনৃত্যই গীনিজ বুক অৱ ৰেকৰ্ডছত স্থান লাভ কৰিছিল। আনহাতে ১৪ এপ্ৰিলৰ এক বিশেষ অনুষ্ঠানত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত এই  বিহু অনুষ্ঠান প্ৰদৰ্শিত হৈছিল । এই বিশ্ব অভিলেখ আৰু উৎকৃষ্ট প্ৰদৰ্শনৰ পুৰস্কাৰ হিচাপে ৰাজ্য চৰকাৰে অনুষ্ঠানত অংশ লোৱা প্ৰত্যেকগৰাকী বিহুৱা-বিহুৱতীক ২৫,০০০ টকাৰ উদগনিমূলক মাননিৰ লগতে একোখন প্ৰমাণ-পত্ৰ প্ৰদান কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছিল আৰু অসমৰ প্ৰতিখন জিলাতে এই মাননি আৰু প্ৰমাণ-পত্ৰ বিতৰণৰ অনুষ্ঠান আয়োজন কৰা হৈছে । আজি মৰিগাঁও জিলাত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বক্তব্য প্ৰদান কৰি মন্ত্ৰী  হাজৰিকাই বিহুৰ বিশ্ব অভিলেখ অনুষ্ঠানত অংশ লোৱা প্ৰতিগৰাকী বিহুৱা-বিহুৱতী আৰু প্ৰশিক্ষকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তা তথা আন্তৰিক প্ৰয়াসৰ বাবেই অসমৰ বিহুৱে গীনিজ বুকৰ অভিলেখ সৃষ্টি কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক স্বীকৃতি লাভ কৰিবলৈ সক্ষম হ’ল বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে বিগত দুই বছৰীয়া কাৰ্যকালত গ্ৰহণ কৰা সৰু-বৰ সিদ্ধান্তসমূহে ৰাজ্যখনৰ সমৃদ্ধ সংস্কৃতিক আগবঢ়াই নিবলৈ সক্ষম হৈছে। মুখ্যমন্ত্ৰীগৰাকীৰ সিদ্ধান্ত অনুসৰিয়েই ৰাজ্যখনৰ সকলো সভা জাতীয় সংগীতেৰে আৰম্ভ হোৱাৰ ফলত ৰাজ্যখনৰ নতুন প্ৰজন্মৰ মাজত জাতীয় সংগীতৰ প্ৰতি সন্মান আৰু প্ৰচলন বৃদ্ধি হোৱা বুলি তেওঁ মন্তব্য প্ৰকাশ কৰে । মন্ত্ৰীগৰাকীয়ে জিলা দুখনৰ সকলো বিহুৱা-বিহুৱতী আৰু প্ৰশিক্ষকক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । মুখ্যমন্ত্ৰীগৰাকীৰ সবল নেতৃত্বত অসমে দেশৰ অন্যতম উন্নত ৰাজ্যৰ পৰিচয় ল’বলৈ আগবাঢ়ি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰিকাই সকলোকে এই উন্নয়নৰ যাত্ৰাত সহযোগ কৰি আন্তৰিকতাৰে নিজৰ কামসমূহ কৰি যাবলৈ আহ্বান জনায় । আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰী, মৰিগাঁও জিলাৰ উপায়ুক্ত দেৱাশিস শৰ্মা আৰু আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস।

প্ৰেৰক প্ৰাঞ্জল দাস

You might also like