নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নতুন সংসদ ভৱনত ২০ জুলাইৰ পৰা বর্ষাকালীন অধিৱেশন

🔴  ইউচিচি উত্থাপনৰ প্রস্তুতি কেন্দ্রীয় চৰকাৰৰ

বিশেষ বাৰ্তা, ১ জুলাই : সংসদৰ বর্ষাকালীন অধিৱেশন অহা ২০ জুলাইৰ পৰা অনুষ্ঠিত হ’ব ৷ এই বর্ষাকালীন অধিৱেশন ২৩ দিন ধৰি চলিব। অধিৱেশনৰ সামৰণি পৰিব ১১ আগষ্টত৷ কেন্দ্রীয় সংসদীয় পৰিক্রমা মন্ত্রী প্রহ্লাদ যোশীয়ে আজি এই বিষয়ে অৱগত কৰে ৷ ২৮ মে’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰা নতুন সংসদ ভৱনত এই বর্ষাকালীন অধিৱেশন অনুষ্ঠিত হ’ব ৷ নতুন সংসদ ভৱনত প্রথমবাৰলৈ এই অধিৱেশন অনুষ্ঠিত হ’ব যদিও আৰম্ভণি পুৰণি সংসদ ভৱনতে হ’ব বুলি টুইটযোগে প্রকাশ কৰিছে সংসদীয় পৰিক্রমা মন্ত্রী যোশীয়ে ৷ এই অধিৱেশনত কেইবাটাও গুৰুত্বপূর্ণ বিষয়ৰ বিধেয়ক উত্থাপন হোৱাৰ বিপৰীতে বহুচর্চিত ইউনিফর্ম চিভিল ক’ড চমুকৈ ইউচিচিৰ বিধেয়কো উত্থাপন হ’ব পাৰে বুলি সংবাদ মাধ্যমত চর্চিত হৈছে৷

You might also like