বিশেষ বাৰ্তা, ২ জুলাইঃ ৰাজ্যৰ নিবনুৱা যুৱক–যুৱতীসকলৰ্ বাবে সুখবৰ৷ অহা জুলাই–আগষ্ট মাহৰ ভিতৰত পুনৰ ২৫ হাজাৰ পদৰ বাবে চাকৰিৰ বিজ্ঞাপন প্রকাশ কৰিব ৰাজ্য চৰকাৰে৷ সেইদৰে অহা দুটা বছৰৰ ভিতৰত ৰাজ্যৰ দুই লাখ নিবনুৱাক ব্যৱসায়–উদ্যোগ স্থাপনৰ বাবে চৰকাৰে দুই লাখ টকাকৈ আগবঢ়াই আত্মসংস্থাপনৰ সুবিধা দিব৷ ডিব্রুগড়ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে৷ উল্লেখ্য যে বিগত বিধানসভা নির্বাচনৰ সময়ত বিজেপি দলে ক্ষমতালৈ আহিলেই এটা বছৰৰ ভিতৰতে এক লাখ নিবনুৱাক চৰকাৰী চাকৰি দিয়াৰ প্রতিশ্রুতি দিয়া হৈছিল৷ ২০২১ চনৰ ১০ মে’ত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত চৰকাৰখনে দায়িত্বভাৰ গ্রহণৰ মুহূর্তৰ পৰাই সেই প্রতিশ্রুতি কার্যকৰীকৰণৰ দিশত অগ্রসৰ হয়৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ পৰিপ্রেক্ষিতত চৰকাৰখন প্রায় ছমাহকাল মহামাৰীক লৈ ব্যস্ত হ’বলগীয়া হোৱাত প্রথম বছৰটোত এক লাখ নিযুক্তি সম্পূর্ণ কৰিব নোৱাৰিলে যদিও দ্বিতীয় বর্ষপূর্তিৰ মুহূর্তত চৰকাৰে একপ্রকাৰ সেই প্রতিশ্রুতি ৰক্ষা কৰিবলৈ সক্ষম হয়৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই আজি কয় যে এতিয়ালৈ চৰকাৰে ৮৭ হাজাৰ নিবনুৱাক চৰকাৰী চাকৰিত নিযুক্তি দিবলৈ সক্ষম হৈছে৷ অহা জুলাই–আগষ্ট মাহত পুনৰ ২৫ হাজাৰ পদত নিযুক্তি দিয়াৰ বাবে চাকৰিৰ বিজ্ঞাপন প্রকাশ কৰিব৷ মন কৰিবলগীয়া এয়ে যে পুনৰ ২৫ হাজাৰ পদত নিযুক্তি হোৱাৰ লগে লগে চৰকাৰী পদত নিযুক্তিপ্রাপ্তৰ সংখ্যা এক লাখৰ সীমা অতিক্রম কৰি ১,১২,০০০ৰ সংখ্যা স্পর্শ কৰিব৷ ইয়াৰ উপৰি সময়ে সময়ে আৰক্ষী, কমাণ্ডো বেটেলিয়ন আদিত চাকৰি ওলাই থাকিব বুলিও মুখ্যমন্ত্রী ড০ শর্মাই মন্তব্য কৰে৷ ইপিনে চৰকাৰী চাকৰিৰ সমান্তৰালভাৱে ব্যৱসায়–বাণিজ্য, উদ্যোগ স্থাপনৰ জৰিয়তে নিবনুৱাসকলক সংস্থাপনৰ ক্ষেত্রতো বিশেষ পদক্ষেপ গ্রহণ কৰিছে বর্তমানৰ চৰকাৰখনে৷ এই সম্পর্কত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে দুটা বছৰত চৰকাৰে মুঠ দুই লাখ নিবনুৱা যুৱক–যুৱতীক আত্মসংস্থাপনৰ বাবে প্রত্যেককে দুই লাখ টকাকৈ প্রদান কৰিব৷ প্রথম বছৰত এক লাখ যুৱক–যুৱতীক দুই লাখ টকাকৈ প্রদান কৰিব৷ দ্বিতীয় বছৰত পুনৰ এক লাখ যুৱক–যুৱতীক দুই লাখ টকাকৈ প্রদান কৰি আত্মসংস্থাপনৰ ব্যৱস্থা কৰিব৷ মুখ্যমন্ত্রী ড০ শর্মাৰ এই ঘোষণাই নিবনুৱা যুৱক–যুৱতীসকলৰ্ মাজত যে যথেষ্ট আশাৰ বাতৰি কঢ়িয়াই আনিছে, সেয়া নিশ্চিত৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে বর্তমানৰ চৰকাৰৰ কার্যকালত ৰাজ্যখনত প্রথমবাৰৰ বাবে সম্পূর্ণ মেধাৰ ভিত্তিত অতি স্বচ্ছভাৱে নিযুক্তি প্রক্রিয়া সম্পন্ন হৈছে৷ এতিয়ালৈ নিযুক্তি দিয়া ৮৭ হাজাৰ যুৱক–যুৱতীয়ে ক’তো কাকো এটকা নিদিয়াকৈ সম্পূর্ণ মেধাৰ ভিত্তিত চাকৰি লাভ কৰিছে৷ মেধাৰ আধাৰত অতি স্বচ্ছভাৱে নিযুক্তি প্রক্রিয়া সম্পন্ন হোৱাৰ বাবেই অতি দৰিদ্র পৰিয়ালৰ যুৱক–যুৱতীয়েও এতিয়া চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হৈছে৷