কৰ্ণাটকত চাৰি দিন পূৰ্বে উদ্বোধন কৰা বন্দে ভাৰত এক্সপ্ৰেছলৈ শিলগুটি নিক্ষেপ
বিশেষ বাৰ্তা, ২ জুলাই : কৰ্ণাটকত বন্দে ভাৰত এক্সপ্ৰেছলৈ শিলগুটি নিক্ষেপ কৰা হয়। শনিবাৰে বিয়লি ধৰৱাড-বেংগালুৰু পথত বন্দে ভাৰত এক্সপ্ৰেছলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰা হয়। ফলত কাঁচৰ খিৰিকীখনৰ এটা অংশ ভাঙি যায়। কিন্তু ইয়াৰ বাবে ৰে’লসেৱা ব্যাহত হোৱা নাছিল। ৰেলখন সময় মতে গন্তব্য স্থান পায়। আৰ পি এফৰ সূত্ৰ অনুসৰি, আটাইকেইজন যাত্ৰী সুৰক্ষিত হৈ আছে। প্ৰসংগক্ৰমে উল্লেখ্য যে এই ষ্টপেজতে ২৮ জুলাইত বন্দে ভাৰত এক্সপ্ৰেছৰ শুভাৰম্ভ কৰা হৈছিল। জানিব পৰা মতে, শনিবাৰে বিয়লি প্ৰায় ৩:৪০ বজাত দভাংগেৰে ষ্টেচনত ৰৈ পুনৰ ৰাওনা হয় বন্দে ভাৰত এক্সপ্ৰেছ। ইয়াৰ অলপ সময়ৰ পিছতে ছুপাৰফাষ্ট ৰেলখনক টাৰ্গেট কৰি শিল নিক্ষেপ কৰে। ছাউথ ৱেষ্টাৰ্ন ৰেলৱেৰ বিষয়া অনিশ হেগডেই কয় যে চি-৪ দবাৰ বাহিৰৰ গ্লাছ ভাঙি গৈছে যদিও ভিতৰৰ খিৰিকীখনৰ কোনো সমস্যা হোৱা নাই। নিৰ্দিষ্ট সময়ৰ ভিতৰতে গন্তব্যস্থানত উপস্থিত হয় ৰেলখন । অৱশ্যে তদন্তৰ নিৰ্দেশ দিছে ৰে’লৱেই। শীঘ্ৰে দবা মেৰামতিৰ কাম আৰম্ভ হ’ব বুলিও জনা গৈছে। প্ৰসংগক্ৰমে উল্লেখ্য যে কৰ্ণাটকৰ একমাত্ৰ বন্দে ভাৰত এক্সপ্ৰেছখন চাৰি দিন পূৰ্বে উদ্বোধন কৰা হৈছিল। কৰ্ণাটকত তৃতীয়বাৰৰ বাবে বন্দে ভাৰত এক্সপ্ৰেছত আক্ৰমণ সংঘটিত হয়। প্ৰতিবাৰেই শিলগুটিৰে ৰেলখনত আক্ৰমণ সংঘটিত কৰে।