নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টীম ইণ্ডিয়াৰ মহিলা দলত প্ৰথম অসমীয়া উমা চেত্রীৰ স্থান লাভত সৰ্বত্ৰ উছাহ

বিশেষ বার্তা, ৩ জুলাইঃ অসম তথা উত্তৰ পূর্বাঞ্চলৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে ভাৰতীয় ছিনিয়ৰ দলত স্থান লাভ কৰি ইতিহাস সৃষ্টি কৰিছে সুদক্ষ মহিলা ক্রিকেটাৰ তথা অসম কন্যা উমা চেত্রীয়ে৷ ইয়াৰ পূর্বে এই অঞ্চলটোৰ কোনো পুৰুষ অথবা মহিলা ক্রিকেটাৰে ভাৰতৰ ৰাষ্ট্রীয় দলত স্থান পাবলৈ সক্ষম হোৱা নাছিল৷ কিন্তু বিগত কেইবছৰমান ধৰি জুনিয়ৰ ক্রিকেটত উজ্জীৱিত প্রদর্শন দাঙি ধৰি ৰাষ্ট্রীয় নির্বাচকৰ দৃষ্টি আকর্ষণ কৰা প্রতিভাবান উইকেট ৰক্ষক বেটাৰগৰাকীয়ে বাংলাদেশৰ বিপক্ষে খেলিবলগীয়া টি–২০ আৰু এদিনীয়া শৃংখলাত নাম অন্তর্ভুক্ত কৰি নজিৰ সৃষ্টি কৰিলে৷ উমাই বাংলাদেশৰ মীৰপুৰত অহা ৯ জুলাইৰ পৰা দেশখনৰ বিৰুদ্ধে খেলিবলগীয়া টি–২০ আৰু এদিনীয়া মহিলা ক্রিকেট শৃংখলাত ভাৰতীয় দলত স্থান অর্জন কৰে৷ কন্যাৰ এই সফলতাত বোকাখাতৰ কান্ধুলিমাৰী গাঁৱৰ কৃষক পিতৃ লোকবাহাদুৰ চেত্রী আৰু মাতৃ দীপা চেত্রীৰ লগতে বোকাখাত অঞ্চলৰ বিভিন্ন দল সংগঠনে উমালৈ শুভেচ্ছা জ্ঞাপন কৰিছে৷ শৈশৱৰ পৰা ক্রিকেট খেলিবলৈ লোৱা আৰু এখন অতি ভিতৰুৱা গাঁৱৰ পৰা ওলাই আহি ভাৰতীয় দলত স্থান লাভেৰে অসাধ্য সাধন কৰা উমা চেত্রীৰ এনে কৃতকার্যতাই ৰাজ্যৰ ক্রীড়া অনুৰাগীকো মুগ্ধ কৰিছে৷ ইয়াৰ পূর্বে তেওঁ ভাৰতীয় জুনিয়ৰ দল আৰু এ দলত স্থান অর্জন কৰি উইকেট কিপিং আৰু বেটিঙত দর্শনীয় প্রদর্শন দাঙি ধৰাৰ পিছত কালি নিশা ভাৰতীয় ক্রিকেট ব’ডৰ মহিলা নির্বাচন কমিটীয়ে ঘোষণা কৰা ভাৰতীয় দলত স্থান লাভ কৰিবলৈ সক্ষম হয়৷ বাংলাদেশৰ শ্বেৰ ই বাংলা ৰাষ্ট্রীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া তিনিখন টি–২০ আৰু তিনিখন এদিনীয়া মেচত তেওঁ দ্বিতীয়গৰাকী উইকেটৰক্ষক হিচাপে স্থান অর্জন কৰিছে৷ এই খবৰ লাভ কৰাৰ পিছতে উমাৰ ঘৰখনলৈ অনুৰাগীৰ সোঁত বৈছে৷ উল্লেখ্য যে ৰাষ্ট্রীয় ক্রিকেট একাডেমীত কেইমাহমান ধৰি উন্নত প্রশিক্ষণ গ্রহণ কৰাৰ সময়তে ভাৰতীয় দলত উমাৰ স্থান নিশ্চিত হৈ পৰিছিল যদিও কালি নিশা আনুষ্ঠানিকভাৱে দলটো ঘোষণা কৰে নির্বাচকসকলে৷ আজি পুৱা গুৱাহাটীলৈ অহা উমাক অসম ক্রিকেট সন্থাই সম্বর্ধনা জ্ঞাপন কৰে৷ ইয়াৰ পূর্বে খেলুৱৈগৰাকীৰ ঘৰত উপস্থিত হয় বোকাখাত জিলা ক্রীড়া সন্থাৰ সম্পাদক সঞ্জীৱ শইকীয়া আৰু উমাৰ দুই প্রশিক্ষক ৰাজা ৰহমান আৰু মেহবুব আলম৷ উমাৰ এই ইতিহাস সৃষ্টিকাৰী খবৰ পোৱাৰ পিছতে হৰিনাম আৰু ঝুমুৰ গাই আনন্দ প্রকাশ কৰে গাঁওবাসীয়ে৷ বোকাখাত নাট্য মন্দিৰত ৰাজহুৱা সম্বর্ধনা জনোৱা হয় খেলুৱৈগৰাকীক৷ ইপিনে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ভাৰতীয় দলত স্থান অর্জন কবিলৈ সক্ষম হোৱাৰ বাবে উমা চেত্রীলৈ উষ্ম অভিনন্দন আৰু শুভেচ্ছা জনাইছে৷ সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে উত্তৰ পূর্বাঞ্চলৰ প্রথমগৰাকী ক্রিকেটাৰ হিচাপে উমাই ভাৰতীয় দলত স্থান অর্জন কৰিছে৷ কিছুদিন আগতে মুখ্যমন্ত্রীগৰাকীয়ে উমাৰ সৈতে টেলিফোনযোগে কথা পতা বুলি উল্লেখ কৰি লগতে কয় যে কালি নিশাই ভাৰতীয় ক্রিকেট ব’ডৰ তৰফৰ পৰা উমাই ৰাষ্ট্রীয় দলত স্থান লাভ কৰা বুলি তেওঁক অৱগত কৰিছে৷ ভাৰতীয় দলৰ হৈ বাংলাদেশৰ বিপক্ষে খেলি বোকাখাতৰ ক্রিকেটাৰগৰাকীয়ে সফলতা অর্জন কৰিব বুলিও আশা প্রকাশ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ বোকাখাত জিলা ক্রীড়া সন্থাৰ সভাপতি তথা মন্ত্রী অতুল বৰাই উমা চেত্রীৰ ঘৰত উপস্থিত হৈ তেওঁৰ পিতৃ–মাতৃক অভিনন্দন জনোৱাৰ লগতে মন্ত্রী বৰাই উমাৰ ঘৰলৈ অহাযোৱা কৰা জৰাজীর্ণ পথটো শীঘ্রে নির্মাণ কৰিবলৈ লোকনির্মাণ বিভাগক নির্দেশ দিয়ে৷ মন্ত্রী বৰাই কান্ধুলিমাৰীৰ ঘৰৰ পৰাই ফোনযোগে উমাৰ সৈতে কথা পাতি তেওঁক শুভেচ্ছা জ্ঞাপন কৰে৷ উমাৰ এই সফলতাত গোলাঘাট জিলা প্রশাসনেও ক্রিকেটাৰগৰাকীক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছে৷ গোলাঘাট জিলা প্রশাসনে উমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰাৰ লগতে ক্রিকেটৰ ক্ষেত্রখনত খেলুৱৈগৰাকীয়ে অধিক সফলতা লাভ কবি বুলি আশা প্রকাশ কৰিছে৷ ইপিনে, অসম নেপালী সাহিত্য সভাই ভাৰতীয় দলত স্থান লাভ কৰা উমা চেত্রীলৈ অভিনন্দন আৰু শুভকামনা জনাইছে৷ সভাৰ সভাপতি দুর্গা খতিওড়া, কার্যকৰী সভাপতি ড০ চিন্তামণি শর্মা আৰু সাধাৰণ সম্পাদক মদন থাপাই এক বিবৃতিযোগে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপনৰ লগতে ভাৰতীয় মহিলা দলটোলৈ শুভেচ্ছা জনাইছে৷ উমাৰ মাতৃ দীপা চেত্রীয়ে কন্যাৰ সফলতাত আনন্দ প্রকাশ কৰি কয় যে তেওঁলোকৰ সময়ত মহিলাসকলক বাহিৰলৈ অহাযোৱাত কৰাত বাধা প্রদান কৰা হৈছিল আৰু তেওঁলোকক নির্দিষ্ট সীমাৰ মাজত আবদ্ধ কৰি ৰখা হৈছিল৷ কিন্তু তেওঁ নিজ কন্যাক সাধাৰণ জীৱন যাপন কৰিবলৈ মুক্ত কৰি দিছিল আৰু যথাসম্ভৱ সকলো স্থানলৈ নিঃসংকোচে যাবলৈ দিছিল৷ আজি তেওঁৰ সপোন পূর্ণ হোৱাৰ বাবে মনত অতিশয় আনন্দ অনুভৱ কৰা বুলি জানিবলৈ দিয়ে মাতৃয়ে৷ ইপিনে আনৰ মাটি আধিয়াৰ হিচাপে লৈ পৰিয়াল পোহপাল দিয়া শ্রমজীৱী লোকবাহাদুৰ চেত্রীয়ে কন্যাৰ এই সফলতাত আনন্দ প্রকাশ কৰিছে৷

You might also like