নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আজিৰ দিনটোৰ ৰাশিফল

আজি ৪ জুলাই, আহাৰ মাহৰ ১৮ তাৰিখ
মঙলবাৰ : তিথি–কৃষ্ণা প্রতিপদ, নক্ষত্র : পূর্বাষাঢ়া, যাত্রা : শুভ

মেষ : কর্মস্থানত সুনাম বৃদ্ধি হ’ব পাৰে ৷ আর্থিক দিশত অশান্তি হ’ব পাৰে ৷ আপোনাৰ সকলোতকৈ ডাঙৰ সপোন দিঠকত পৰিণত হ’ব পাৰে ৷ শুভ ৰং মাখন, শুভ সংখ্যা ৭ ৷
বৃষ : আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব ৷ আত্মীয়ৰ কাৰণে বিবাদ হ’ব পাৰে ৷ প্রেমৰ দিশত শুভ ফল ৷ কর্মস্থানত দায়িত্ব বৃদ্ধি হ’ব পাৰে ৷ শুভ ৰং ছাই, শুভ সংখ্যা ১ ৷
মিথুন : আপোনাৰ ভাল ব্যৱহাৰৰ বাবে আজি আপোনাৰ কর্মক্ষেত্রত সুনাম লাভ হ’ব পাৰে ৷ ব্যৱসায়িক দিশত আয় বৃদ্ধি হ’ব পাৰে ৷ শুভ ৰং মটিয়া, শুভ সংখ্যা ৪ ৷
কর্কট : কর্মৰ ঠাইত অশান্তি হ’ব পাৰে ৷ উচ্চ শিক্ষাৰ ক্ষেত্রত শুভ ফল। পাবলৈ থকা ধন ঘূৰাই পাব ৷ প্রিয়জনৰ ব্যৱহাৰে মনত আঘাত দিব ৷ শুভ ৰং গুলপীয়া, শুভ সংখ্যা ২ ৷
সিংহ : নিজৰ অজানিতে এনেকুৱা কাম কৰিব, য’ত সকলোৰে প্রীতি লাভ কৰিব ৷ বন্ধুৰ ওপৰত বিশ্বাস কৰি কোনোধৰণৰ কাম নকৰিব ৷ শুভ ৰং সোণালী, শুভ সংখ্যা ৮ ৷
কন্যা : কাম বৃদ্ধি হোৱা বাবে মানসিক ক্ষেত্রত হেঁচা পৰিব ৷ সমাজৰ কামৰ বাবে সুনাম লাভ কৰিব পাৰে ৷ প্রেমৰ ক্ষেত্রত অশান্তি হ’ব পাৰে ৷ শুভ ৰং পাতল ৰঙা, শুভ সংখ্যা ৩ ৷
তুলা : পৰাপক্ষত স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক৷ অতিৰিক্ত খঙে সংসাৰত অশান্তি দিব ৷ নতুন গৃহ নির্মাণৰ সুযোগ দেখা যায় ৷ সন্তানৰ বাবে চিন্তা ৷ শুভ ৰং বগা, শুভ সংখ্যা ২ ৷
বৃশ্চিক : ঘৰুৱা দিশত বেছি মনোযোগ দিয়াৰ প্রয়োজন ৷ কলা বিদ্যাৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ ৷ অর্থনৈতিক সমস্যাৰ সন্মুখীন হ’ব ৷ নীলা ৰং শুভ, শুভ সংখ্যা ৭ ৷
ধনু : শিল্পকলাৰ লগত জড়িত লোকসকলৰ বাবে আজি দিনটো শুভ ৷ ব্যৱসায়ত আয় বৃদ্ধি হোৱাৰ যোগ ৷ শুভ ৰং বগা, শুভ সংখ্যা ৬ ৷
মকৰ : আজিৰ দিনটো আপোনাৰ ব্যস্ততাৰ মাজেৰে পাৰ হৈ যাব ৷ প্রয়োজনৰ সময়ত আপোনাৰ লগত কোনো থিয় নহ’ব ৷ স্বাস্থ্যৰ প্রতি গুৰুত্ব দিয়ক ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ২ ৷
কুম্ভ : আপোনাৰ প্রিয়জনৰ কঠোৰ ব্যৱহাৰে আজি আপোনাক বহুত আঘাত দিব ৷ কোনো প্রতিশ্রুতি নিদিব যেতিয়ালৈকে আপুনি সেই কাম কৰাত সক্ষম নহয় ৷ শুভ ৰং নীলা ৷ শুভ সংখ্যা ৬ ৷
মীন : বিদ্যার্থীসকলৰ বাবে নতুন পথ খুলিব পাৰে ৷ আনৰ সহায়ে আপোনাৰ মন আনন্দিত কৰিব ৷ কর্মস্থানৰ ফালৰ পৰা বিদেশ যাত্রা হ’ব পাৰে ৷ শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৬ ৷

You might also like