নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাঠগাঁও-মৰনৈ বেবেজীয়া সংযোগী গড়কাপ্টানী পথৰ বিধ্বস্ত অৱস্থা

নিয়মীয়া বাৰ্তা, ৪ জুলাই : পথ নহয় যেন পথাৰ। যিফালেই যোৱা যায় সেই ফালেই গাঁতত সোমায় পথচাৰী ৷ উন্নয়নৰ শ্ল’গান দিয়া চৰকাৰৰ দিনত এতিয়া যাতায়াতৰ ক্ষেত্ৰত নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ঢকুৱাখনা সমষ্টিৰ মৰনৈ আৰু সোৱণশিৰি পঞ্চায়তৰ বৃহৎসংখ্যক জনতাই। সমষ্টিটোৰ ঘিলামৰা ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ কাঠগাঁও -মৰনৈ বেবেজীয়া সংযোগী গড়কাপ্টানী পথৰ বিধ্বস্ত অৱস্থাই এতিয়া জ্বলাকলা খুৱাইছে জনতাক।পথৰ দুৰৱস্থা দেখিলে চকু কপালত উঠিব আপোনাৰো। পথ নে পুখুৰী ধৰিব নোৱাৰা এক অৱস্থা। ঘিলামৰা ৰাজ্যিক পথ সংমণ্ডলৰ অধীনস্থ বৰদৈ-বাসুদেৱ থান সংযোগী পথটোৰ কাঠগাঁও-মৰনৈ বেবেজীয়ালৈকে প্ৰায় ৪ কিলোমিটাৰ অংশ জহি-খহি সম্প্ৰতি মৰণফান্দলৈ পৰ্যবসিত হৈছে । পথৰ মাজত সৃষ্টি হৈছে বৃহৎ বৃহৎ পুখুৰীসদৃশ গাঁতৰ। পথত গাঁত নে গাঁতত পথ–অনুমান কৰিব নোৱাৰা এক পৰিস্হিতি ৷ এজাক বৰষুণ পৰিলেই এই পুখুৰীসদৃশ গাঁতবিলাকত পানী জমা হৈ বোকা-পানীৰে উপচি গুৰুত্বপূৰ্ণ পথছোৱা ৰাইজৰ বাবে পৰ্যবসিত হয় মৰণফান্দলৈ। উন্মুক্ত গাঁতৰ বাবে বহু সময়ত সংঘটিত হৈছে বিভিন্ন পথ দুৰ্ঘটনা। এজাক বৰষুণতে বোকা-পানীৰে কদৰ্য হৈ পৰা পথটোৰে যাতায়াত কৰাটো বিপদসংকুল তথা কষ্টসাধ‍্য হৈ পৰিছে। বোকা-পানীৰে পৰিপূৰ্ণ তথা ওখোৰা-মোখোৰা পথটোৰে বৰষুণৰ বতৰত যাতায়াত কৰাটো সৰ্বসাধাৰণ ৰাইজৰ বাবে মূৰৰ কামোৰণি স্বৰূপ হোৱাৰ লগতে কণ কণ শিক্ষাৰ্থীসকলৰ বাবে ব‍্যাপক সমস্যাৰ কাৰক হৈ পৰিছে।তদুপৰি পথটোত সৃষ্টি হোৱা প্ৰকাণ্ড প্ৰকাণ্ড গাঁতৰ বাবে সাম্ভাৱ্য দুৰ্ঘটনাৰ আশংকাত সন্ত্ৰষ্ট হৈ থাকিবলগীয়া হৈছে স্থানীয় লোকসকলো ৷ উল্লেখ্য যে এই পথেৰেই ইতিহাসপ্ৰসিদ্ধ শ্ৰীশ্ৰী বাসুদেৱ থানলৈ দূৰ-দূৰণিৰ পৰা দৈনিক শ শ তীৰ্থযাত্ৰী অহা-যোৱা কৰে। পথটোৰ দুৰৱস্থাৰ বাবেই আহুকালত পৰিব লগা হৈছে তীৰ্থযাত্ৰীসকলো। প্ৰতিদিনে হাজাৰ হাজাৰ লোকে অহা-যোৱা কৰা কাঠগাঁও -মৰনৈ বেবেজীয়া সংযোগী পথটো মেৰামতি কৰি যাতায়তৰ উপযোগী কৰি তুলিবলৈ ৰাইজে লোকনিৰ্মাণ বিভাগক দাবী জনাই আহিছে যদিও বৰ্তমানলৈকে পথটো মেৰামতি কৰাৰ ক্ষেত্ৰত লোকনিৰ্মাণ বিভাগৰ ফালৰ পৰা কোনোধৰণৰ পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। উল্লেখ্য যে কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দুৰ্ঘটনা ৰোধৰ বাবে ৰাজ্যৰ জিলা উপায়ুক্তসকলক পথসমূহৰ মেৰামতিৰ নিৰ্দেশ প্ৰদান কৰিছিল। কিন্তু মুখ্যমন্ত্ৰীৰ সেই নিৰ্দেশক গুৰুত্ব নিদিলে লখিমপুৰ জিলা প্ৰশাসনে। ফলত বৰদৈ-বাসুদেৱ থান সংযোগী পথৰ কাঠগাঁও -মৰনৈ বেবেজীয়ালৈকে পথৰ এই বিধ্বস্ত অংশত দুৰ্ভোগ ভুগিবলগীয়া হৈছে সাধাৰণ নাগৰিকে। জৰাজীৰ্ণ পথটো শীঘ্ৰে মেৰামতি কৰি যাতায়াতৰ উপযোগী কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগ আৰু প্ৰশাসনক দাবী জনাইছে অঞ্চলটোৰ ৰাইজ, বিভিন্ন দল-সংগঠনে।

প্ৰেৰক পুলকজ্যোতি বৰা

You might also like