মণিপুৰত ৫ জুলাইৰ পৰা বিদ্যালয় খোলাৰ ঘোষণা মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ
বিশেষ বাৰ্তা, ৪ জুলাই : মণিপুৰত ৫ জুলাইৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে। মণিপুৰত সংঘৰ্ষজৰ্জৰ পৰিস্থিতিৰ বাবে মে’ মাহৰ পৰা বিদ্যালয় বন্ধ হৈ আছিল। সোমবাৰে এখন সংবাদ মেলযোগে মুখ্যমন্ত্ৰী এন বীৰেন সিঙে বুধবাৰৰ পৰা বিদ্যালয় খোলাৰ কথা ঘোষণা কৰে। প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয়লৈ যাব পাৰিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰী বীৰেন সিঙে কয় যে ৰাজ্যখনৰ পৰিস্থিতি এতিয়া নিয়ন্ত্ৰণত আছে। মেইটেই আৰু কুকি সম্প্ৰদায়ৰ কৃষকৰ সুৰক্ষাৰ বাবে অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে। ৰাজ্যখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছে। সোমবাৰে মণিপুৰৰ ২নং ৰাষ্ট্ৰীয় ঘাইপথ বা ইম্ফল-ডিমাপুৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা দুমাহজোৰা অৱৰোধ উঠাই লয়। মণিপুৰত শান্তিৰ বাবে গৃহমন্ত্ৰীয়ে আবেদন জনোৱাৰ পিছতে অৱৰোধ উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে। ফলত ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়াত স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে। দীৰ্ঘদিনীয়া অশান্তিৰ অন্তত পুনৰ ছন্দলৈ ঘূৰি আহিছে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যখন।