পেট্র’লৰ লিটাৰ মাত্র ১৫ টকা!
বিশেষ বাৰ্তা, ৫ জুলাইঃ পেট্র’লৰ প্রতিলিটাৰৰ মূল্য হ’ব পাৰে মাত্র ১৫ টকা পানীৰ দৰত পোৱা যাব পাৰে ডিজেল৷ এই মন্তব্য কেন্দ্রীয় পথ পৰিবহণ মন্ত্রী নীতিন গাডকাৰিৰ। যি সময়ত পেট্র’ল, ডিজেল কিনিবলৈ যেতিয়া দেশৰ নাগৰিকে এশবাৰ চিন্তা কৰিবলগীয়া হৈছে তেতিয়াই কেন্দ্রীয় মন্ত্রীগৰাকীৰ এনে মন্তব্যই সৃষ্টি কৰিছে চাঞ্চল্য৷ ৰাজস্থানৰ এক জনসভাত মন্ত্রীগৰাকীয়ে কয়– ‘কেৱল মাত্র খাদ্য উৎপাদন কৰিলেই নহ’ব কৃষকসকলে৷ শক্তি উৎপাদনো কৰিব লাগিব৷ কৃষকসকল মাত্র অন্ন দাতা নহয়, তেওঁলোক শক্তিদাতাও৷’ পেট্র’লৰ দাম কমোৱাৰ নতুন ফর্মুলাও দিছে মন্ত্রী গাডকাৰিয়ে৷ তেওঁ কয় যে গড়ে ৬০ শতাংশ ইথানল আৰু ৪০ শতাংশ বিদ্যুৎ যদি ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় তেতিয়াহ’লে পেট্র’লৰ দাম প্রতি লিটাৰত ১৫ টকালৈ নামি আহিব৷ মানুহৰ যথেষ্ট উপকাৰ হ’ব ইয়াৰ জৰিয়তে৷ মন্ত্রীগৰাকীয়ে কয় যে প্রতিবছৰ ১৬ লাখ কোটি টকাৰ কেৱল পেট্র’পণ্য আমদানি কৰিবলগীয়া হয়৷ ইথানল আৰু বিদ্যুৎ ইন্ধন হিচাপে ব্যৱহাৰ কৰিলে সেয়া সম্পূর্ণৰূপে বন্ধ হ’ব৷ সেই টকাৰে সাধাৰণ মানুহৰ উপকাৰ হোৱাৰ লগতে কৃষকসকলৰ হাতত সেই টকা জমা হ’ব বুলি মন্ত্রীগৰাকীয়ে উল্লেখ কৰে৷ মন্ত্রী গাডকাৰিৰ মতে এনেদৰে কেৱল পেট্র’পণ্যৰ দাম কমোৱাই নহয়, ইয়াৰ ফলত পৰিৱেশ প্রদূষণো হ্রাস কৰিব পৰা যাব৷ লক্ষ্যণীয়ভাৱে বর্তমান ৯০ শতাংশ পেট্র’লৰ সৈতে ১০ শতাংশ ইথানল মিহলি কৰি সেই মিশ্রণক ইন্ধন হিচাপে ব্যৱহাৰ কৰা হৈছে৷ এই ইথানল বাহিৰ কৰা হয় কুহিয়াৰ আৰু অতিৰিক্ত খাদ্য শস্যৰ পৰা৷ তেল আমদানিৰ নির্ভৰতা কমাবলৈ আৰু কৃষকসকলক আয়ৰ এক অতিৰিক্ত উৎস প্রদানৰ লক্ষ্যৰে এই কাম কৰা হৈছে৷ গাডকাৰিৰ মতে আগন্তুক দিনত ১০০ শতাংশ ইথানলত চলিব পৰা গাড়ী নির্মাণ হ’ব৷ বজাৰত সেই গাড়ী চলিলেই পেট্র’পণ্যৰ দাম হ্রাস পাব বুলিও মন্ত্রীগৰাকীয়ে ঘোষণা কৰিছে৷