নিয়মীয়া বাৰ্তা, ৬ জুলাই : বৰপেটা জিলাৰ বাঘবৰ সমবায় সমিতিৰ সৈতে সংলগ্ন কৰা বাঘমাৰা চৰ সমবায় সমিতিৰ অন্তৰ্গত গ্ৰাহকে যোগান বিভাগ আৰু বাঘমাৰা চৰ সমবায় সমিতিৰ বিৰুদ্ধে আজি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ৰাইজৰ অভিযোগ মতে বাঘমাৰা চৰ সমবায় সমিতিৰ এজেন্টসকলে বিগত তিনিমাহে আৰু ২০২২ চনৰ জুন মাহৰ খাদ্য সুৰক্ষাৰ বিনামূলীয়া চাউল গ্ৰাহকক বিতৰণ কৰা নাই | এজেণ্টসকলৰ বিৰুদ্ধে বিভিন্ন সময়ত সমবায় সমিতিত অভিযোগ দাখিল কৰিও কোনো সুফল নোপোৱাত একাংশ গ্ৰাহকে বৰপেটা খাদ্য আৰু অসামৰিক যোগান বিভাগকো এক লিখিত অভিযোগ প্ৰদান কৰে। স্মৰ্তব্য যে ইয়াৰ পূৰ্বেও জিলা খাদ্য আৰু অসামৰিক যোগান বিভাগক এজেণ্টসকলৰ বিৰুদ্ধে অভিযোগ দিছিল যদিও বিভাগীয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত গ্ৰাহকে যোগান বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। গ্ৰাহকসকলে অভিযোগ কৰা মতে, এজেণ্টসকলৰ ওচৰত চাউল বিচাৰি গ’লে চাউল অহা নাই বুলি কৈ গ্ৰাহকসকলক পঠিয়াই দিয়ে। চৰকাৰৰ সংশ্লিষ্ট বিভাগে ৰাইজৰ এই প্ৰতিবাদৰ পাছত বাঘমাৰা চৰ সমবায় সমিতিৰ গুৰু গোসাঁই নমনা কৰ্তৃপক্ষৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে, সেয়া সময়ত লক্ষণীয় হ’ব।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস