মহানগৰ বাৰ্তা, ৬ জুলাই : ৰাজ্যৰ পশুপালন ব্যৱস্থাৰ অধিক উত্তৰণৰ উদ্দেশ্য আগত ৰাখি কৃষক তথা পশুপালকসকলক উন্নত সেৱা আগবঢ়োৱাৰ উদ্দেশ্যে পশুপালন আৰু পশু চিকিৎসা বিভাগৰ উদ্যোগত বিভাগৰ বিষয়া-কৰ্মচাৰীৰ এক বিশেষ প্ৰশিক্ষণ প্ৰদানৰ এক পৰিকল্পনা হাতত লৈছে সংশ্লিষ্ট বিভাগে। ২৩ মাৰ্চৰ পৰা আৰম্ভ হোৱা প্ৰশিক্ষণ কালি সফল সামৰণি পৰে। মুঠ ছটা পৰ্যায়ত এই প্ৰশিক্ষণ কাৰ্যসূচী ভাৰতীয় পশু চিকিৎসা গৱেষণা প্ৰতিষ্ঠানৰ কলকাতাস্থিত আঞ্চলিক গৱেষণা কেন্দ্ৰ, গুৱাহাটীস্থিত এমট্ৰনৰ কাৰ্যালয়, পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ ৰাজ্যিক প্ৰতিষ্ঠান আৰু খানাপাৰাত থকা সম্প্ৰসাৰণ শিক্ষাৰ সহযোগী সঞ্চালকৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত মুঠ ২১৭গৰাকী বিষয়া-কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। কালি অনুষ্ঠিত হয় এক সামৰণী অনুষ্ঠান। এই সামৰণী অনুষ্ঠানত প্ৰশিক্ষাৰ্থীসকলক প্ৰমাণ-পত্ৰ প্ৰদান কৰা হয়।
প্ৰেৰক বিভাষ দাস