নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চামগুৰিত চোৰাং কাঠসহ গাড়ী জব্দ

নিয়মীয়া বাৰ্তা, ৬ জুলাই : নগাঁও জিলাৰ চামগুৰি সমষ্টিৰ আমবাগান আৰক্ষী চকীৰ অন্তৰ্গত লাইলুৰি আৰু আমবাগান সংযোগী পথত যোৱানিশা বন বিভাগে চোৰাং কাঠসহ এখন গাড়ী জব্দ কৰে ৷ বন বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, কোনো অচিনাক্ত স্থানৰ পৰা যোৱানিশা চোৰাং কাঠ কঢ়িয়াই অনা এএছ-০১ পি চি-৯৩৭৮ নম্বৰৰ গাড়ীখন আমবাগান আৰু লাইলুৰি সংযোগী পথেৰে আহি থকা অৱস্থাত পথৰ কাষৰ বোকাত আবদ্ধ হৈ পৰে ৷ উক্ত গাড়ীখনৰ চালক আৰু পৰিচালকে উদ্ধাৰ কৰিবলৈ সক্ষম নোহোৱাত উক্ত স্থানৰ পৰা পলায়ন কৰে বুলি স্থানীয় একাংশ লোকে জানিবলৈ দিয়ে ৷ পৰৱৰ্তী সময়ত লাওখোৱা বনাঞ্চলৰ বন্যপ্ৰাণী কৰ্মচাৰীৰ এটা দল সেই পথেদি যোৱা অৱস্থাত উক্ত গাড়ীখনত চোৰাং কাঠ প্ৰত্যক্ষ কৰি শালনা বনাঞ্চিলক কাৰ্যালয়ৰ বন বিষয়াগৰাকীক খবৰ দিয়ে ৷ পৰৱৰ্তী সময়ত শালনা বনাঞ্চলিক বিষয়াগৰাকীৰ নিৰ্দেশত জখলাবন্ধা আৰু শিলঘাটৰ বন বিভাগৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত উক্ত গাড়ীখনসহ চোৰাং কাঠখিনি জব্দ কৰে ৷ স্থানীয় ৰাইজৰ সহযোগত বন বিভাগে জব্দ কৰা চোৰাং মাকৈ শালৰ লগতে মূল্যৱান কাঠৰ ফাণ্টাখিনিৰ বজাৰ মূল্য আনুমানিক লক্ষাধিক টকা হব বুলি বন বিভাগৰ এক সূত্ৰই জানিবলৈ দিয়ে ৷ আনহাতে, বন বিভাগে জব্দ কৰা গাড়ীসহ চোৰাং কাঠখিনি জখলাবন্ধা বন কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷
প্ৰেৰক প্ৰমোদ কুমাৰ শৰ্মা
You might also like