নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কলগাছিয়াত বাল্য বিবাহ-শিশু শ্ৰমিক নিৰ্মূলৰ অৰ্থে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৬ জুলাই : বৰপেটা জিলাৰ কলগাছিয়াৰ ৰূপসী উন্নয়ন খণ্ড আৰু “অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযান”ৰ ৰূপসী খণ্ড অভিযান পৰিচালনা গোটৰ উদ্যোগত “বাল্য বিবাহ আৰু শিশু শ্ৰমিক” নিৰ্মূলকৰণৰ অৰ্থে এখন গাম্ভীৰ্যপূৰ্ণ সজাগতা সভা অনুষ্ঠিত হয়। ৰূপসী আঞ্চলিক পঞ্চায়তৰ সভাপতি জাকিৰ হুছেইনে উদ্বোধন কৰা এই সভাৰ আত ধৰে ৰূপসী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া নৱৰত্ন পাটোৱাৰীয়ে আৰু সভাৰ উদ্দেশ্যে ব্যাখ্যা কৰে খণ্ড সম্বন্বয়ক প্ৰকল্প আবুদৰ্দা আকন্দে। উক্ত সজাগতা সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি ভাষণ প্ৰদান কৰে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক সঞ্চালিকা শ্ৰীযুতা কৃষ্ণা বৰুৱাই। এই সভাতে ৰূপসী খণ্ড অভিযান পৰিচালনা গোটৰ অধীনত চি আই এফৰ মহিলা সকললৈ ধনাদেশ বিতৰণৰ লগতে “আত্মসহায়ক গোট”ৰ আবেদন মৰ্মে ঋণৰ মঞ্জুৰি পোৱা গোট সমূহক অনুমোদন পত্ৰ বিতৰণ কৰা হয়। বাল্যবিবাহ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰণাৰ্থে অনুষ্ঠিত সভাত এই সম্পৰ্কে পৰামৰ্শমূলক বক্তব্য আগবঢ়ায় বৰপেটা জিলাৰ অতিৰিক্ত উপায়ুক্ত মৌচুমী চেতিয়া, সহকাৰী আয়ুক্ত জুৰি কলিতা, অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ ৰাজ্যিক প্ৰকল্প বিষয়া ধ্ৰুৱজ্যোতি গগৈ, বৰপেটা জিলা আইন সেৱা প্ৰাধিকাৰী বিষয়া বৰ্ণালী শৰ্মাই।

প্ৰেৰক মফিদুল ইছলাম

You might also like