বিশেষ বাৰ্তা, ৬ জুনঃ থানাৰ ভিতৰত কিশোৰীৰ আপত্তিজনক ফটো তুলি খাকি পোছাকত দাগ লগাই পলাতক হৈ থকা ঘগ্ৰাপাৰ থানাৰ অচি বিমান ৰয় মাজনিশা নাটকীয়ভাৱে আৰক্ষীৰ জালত পৰে মহানগৰীৰ পাৰ্শ্ববৰ্তী পানীখাইতী ৰেল ষ্টেচনত। প্ৰাপ্ত তথ্য অনুসৰি মাজনিশা প্ৰায় ডেৰ মান বজাত ধলং পলং গতিৰে আহি পানীখাইতী ৰেল ষ্টেচনত উপস্থিত হয় এজন লোক।লোকজনে ষ্টেচনত উপস্থিত হৈ তেওঁক কোনোবাই নিচাযুক্ত দ্ৰব্য খুৱাই দিয়া বুলি উল্লেখ কৰি কৰ্তৃপক্ষৰ পৰা সহায় বিচাৰে। সেই সময়ত দায়িত্বত থকা বিবেক কুমাৰ নামৰ ষ্টেচন মাষ্টাৰজনে ৰেল আৰক্ষী আৰু পানীখাইতী আৰক্ষীক খবৰ দিয়ে। ৰেল আৰক্ষী আৰু পানীখাইতী আৰক্ষী ষ্টেচনত উপস্থিত হৈ লোকজনক পুৱতি নিশা পৰ্যন্ত প্লেটফৰ্মত ৰাখি পুৱা প্ৰায় চাৰি মান বজাত গুৱাহাটীলৈ লৈ যায় লোকজনক। আচৰিত কথা যে স্থানীয় আৰক্ষী আৰু ৰেল আৰক্ষীয়ে চিনিবলৈ সক্ষম হোৱা নাছিল যে সেইজনেই কলংকিত অচি বিমান ৰয়।পানীখাইতী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া জনৈক হালৈয়ে জানিব দিয়া মতে গুৱাহাটীলৈ নিয়াৰ পিছতহে চিনাক্ত কৰে আৰক্ষীয়ে। অৱশ্যে লোকজন ক’ৰ পৰা কেনেদৰে এই স্থান পালে অথবা কোনো ৰেলৰ পৰা নামিছিল নেকি সেই বিষয়ে কোনো তথ্য লাভ কৰিব পৰা নাই বুলি জানিব দিছে ষ্টেচন কৰ্তৃপক্ষই।
প্ৰেৰক বিভাষ দাস