নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধুবুৰীত এইডছত মহিলাৰ মৃত্যু : আক্ৰান্ত জোঁৱাইৰ পৰা সংক্ৰমণৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ৬ জুলাইঃ ধুবুৰীৰ এগৰাকী বিবাহিত মহিলাৰ এইডচ্ ৰোগত মৃত্যু হোৱাৰ ভয়ংকৰ এক ঘটনা পোহৰলৈ আহিছে। চলিত বছৰৰ মে’ মাহত বিহাৰৰ পাটনাত এইচআইভি সংক্ৰমিত নিজৰ জীয়ৰীৰ মৃত্যু হোৱা বুলি স্বয়ং মৃত সেই মহিলাগৰাকীৰ পিতৃয়ে জনাইছে। মৃত সেই মহিলা গৰাকীৰ পিতৃৰ অভিযোগ অনুসৰি, নিজৰ এইচআইভি ভাইৰাচৰ সংক্ৰমণৰ বিষয়টো লুকুৱাই জোঁৱাইয়ে বিয়া পাতিছল তেওঁৰ জীয়ৰীক আৰু জোঁৱাইৰ পৰাই সংক্ৰমিত হৈছিল কন্যা। তেওঁ জনোৱা মতে, ২০২১ বৰ্ষৰ অন্তিম ফালে বিয়া হৈছিল জীয়ৰীৰ। বিয়া হোৱাৰ কেইমাহমান পিছৰ পৰা অসুস্থ হৈ পৰা জীয়ৰীৰ চিকিৎসাৰ বিষয়টো লৈ শহুৰৰ পৰিয়ালৰ অবহেলাৰ বাবে পিতৃগৃহই ব্যৱস্থা লৈছিল চিকিৎসাৰ। প্ৰথমাৱস্থাত ধুবুৰীতেই জ্বৰ, কাহজাতীয় বেমাৰৰ চিকিৎসা কৰোৱা হৈছিল যদিও পিছলৈ গৈ বঙাইগাঁৱত জীয়ৰীৰ এইআইভি সংক্ৰমিত হোৱাৰ বিষয়টো পোহৰলৈ আহে বুলি জনাইছে পিত়য়ে। গুৱাহাটীকে ধৰি বিহাৰৰ পাটনাতো জীয়ৰীক চিকিৎসাৰ বাবে লৈ গৈছিল তেওঁ। আনকি বিহাৰৰ পাটনাত কৰা তেজ পৰীক্ষাত জীয়ৰীৰ উপৰি জোঁৱাইকে ধৰি আন এজন যুৱকৰো এইচআইভি পৰীক্ষাৰ ফলাফল পজিটিভ অহা বুলিও দাবী কৰিছে মৃত সেই মহিলাগৰাকীৰ পিতৃয়ে। জোঁৱাইয়ে নিজৰ ৰোগ গোপন ৰাখি বিয়া কৰোৱাৰ বাবেই নিজৰ কন্যাই এইচআইভি সংক্ৰমিত হৈ মৃত্যু হোৱাৰ অভিযোগ তুলি পিতৃৰ। সেই মৰ্মে জোঁৱাইকে ধৰি জোঁৱাইৰ পিতৃ-মাতৃ আৰু ডাঙৰ ভাতৃৰ বিৰূদ্ধে মৃত সেই মহিলাগৰাকীৰ পিতৃয়ে ধুবুৰী আৰক্ষীৰ ওচৰত এখন এজাহাৰ দাখিল কৰা বুলিও জানিব পৰা গৈছে। উল্লেখ্য যে মৃত সেই মহিলাগৰাকীৰ পিতৃগৃহকে ধৰি স্বামীগৃহও ধুবুৰী চহৰত।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like