বিশেষ বাৰ্তা, ৬ জুলাইঃ মধ্যপ্রদেশৰ বিজেপি নেতাই জনজাতীয় শ্রমিকৰ মূৰত প্রস্রাৱ কৰা ঘটনাত দেশজুৰি সৃষ্টি হৈছে প্রতিক্রিয়া। কিন্তু তাৰ পিছতেই ৰাজ্যখনৰ মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানৰ পদক্ষেপে আলোড়নৰ সৃষ্টি কৰিছে৷ মধ্যপ্রদেশৰ ৰাজনীতিত ভূমিকম্পৰ সৃষ্টি কৰা এই ঘটনাত জড়িত প্রৱেশ শুক্লা নামৰ লোকজনক আৰক্ষীয়ে ইতিমধ্যে ৰাষ্ট্রীয় নিৰাপত্তা আইন, চমুকৈ এনএছএৰ অধীনত গ্রেপ্তাৰ কৰিছে যদিও উক্ত গৰিহণাযোগ্য ঘটনাৰ বাবে ৰাজ্যখনৰ শাসকীয় বিজেপিয়ে বিৰোধীৰ কঠোৰ সমালোচনাৰ সন্মুখীন হৈছে৷ ৰাজ্যখনৰ বিধানসভা নির্বাচনক লৈ দলটোৱে প্রস্তুতি চলাই থকাৰ সময়তে সংঘটিত ঘৃণনীয় কার্যৰ বাবে মুখ্যমন্ত্রীয়ে গ্রহণ কৰা পদক্ষেপক নির্বাচনী ৰাজনীতি বুলি চর্চিত হৈছে৷ ৰাজ্যখনৰ সিদ্ধি জিলাৰ এজন জনজাতীয় শ্রমিক যুৱকৰ মূৰত প্রস্রাৱ কৰা বিজেপি নেতাজনক গ্রেপ্তাৰ কৰাৰ পাছত মুখ্যমন্ত্রী শিৱৰাজ সিং চৌহানে এই ঘটনাটোত বেদনাহত বুলি প্রকাশ কৰিছে৷ মুখ্যমন্ত্রী চৌহানে ভূপালৰ মুখ্যমন্ত্রীৰ বাসভৱনলৈ মাতি আনি জনজাতীয় শ্রমিকজনৰ ভৰি ধুৱায়৷ দশমত ৰাৱট নামৰ জনজাতীয় যুৱকজনক মুখ্যমন্ত্রীৰ বাসভৱনৰ মজিয়াত বহুৱাই লৈ মুখ্যমন্ত্রীগৰাকীয়ে তেওঁৰ ভৰি দুই দিয়ে৷ মুখ্যমন্ত্রীৰ এই কার্য ভিডিঅ’যোগে প্রচাৰ হোৱাৰ পাছতে দেশৰ ৰাজনীতিত আলোড়ন তুলিছে৷ ভৰি ধুৱাই মুখ্যমন্ত্রী চৌহানে যুৱকজনক ‘সুদামা’ আখ্যা দিয়ে আৰু কয় ‘দশমত, এতিয়াৰে পৰা তুমি মোৰ বন্ধু৷’ মন কৰিবলগীয়া যে ভৰি ধুওৱাৰ পূর্বে মুখ্যমন্ত্রী চৌহানে জনজাতীয় শ্রমিকজনৰ সৈতে স্মার্ট চিটি উদ্যানত গছপুলি ৰোপণ কৰে৷ জনজাতীয় যুৱকজনৰ ভৰি ধুই মুখ্যমন্ত্রী চৌহানে ঘটনাটোৰ বাবে দুখ প্রকাশ কৰি যুৱকজনক ক্ষমাপ্রর্থনা কৰে৷