ৰাহুল গান্ধীৰ আবেদন খাৰিজ গুজৰাট উচ্চ ন্যায়ালয়ৰ
বিশেষ বাৰ্তা, ৭ জুলাই : মোদী উপাধি সম্পৰ্কীয় মন্তব্যক লৈ মানহানি গোচৰত দোষী সাব্যস্ত হোৱা ৰাহুল গান্ধীয়ে স্থগিতাদেশ বিচাৰি কৰা আবেদন আজি গুজৰাট উচ্চ ন্যায়ালয়ে খাৰিজ কৰাৰ পিছতে ৰাহুল গান্ধীৰ দুবছৰৰ শাস্তি অক্ষত থকাৰ লগতে তেওঁৰ সাংসদ পদ ওভতাই নোপোৱাটো নিশ্চিত হৈছে। উচ্চ ন্যায়ালয়ে কয় যে এই দোষী সাব্যস্ত কৰাটো “ন্যায্য, সঠিক আৰু আইনী”। কংগ্ৰেছ নেতাগৰাকীয়ে এতিয়া উচ্চতম ন্যায়ালয়ৰ কাষ চাপিব। ৰাহুল গান্ধীৰ আবেদন খাৰিজ হোৱাত ২০ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া বৰ্ষাকালীন অধিৱেশনত তেওঁ সংসদত স্থান লাভ কৰাৰ সম্ভাৱনা নাই। যদি উচ্চতম ন্যায়ালয়েও তেওঁৰ আবেদন নাকচ কৰে, তেন্তে অহা বছৰৰ নিৰ্বাচনত ৰাহুল গান্ধীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰে। উল্লেখ্য যে ২০২৪ চনৰ ৰাষ্ট্ৰীয় নিৰ্বাচনকে ধৰি আগন্তুক ধাৰাবাহিক নিৰ্বাচনৰ বাবে কংগ্ৰেছে কৌশল ৰচনা কৰাৰ ক্ষেত্ৰত আজিৰ এই সিদ্ধান্ত কংগ্ৰেছৰ বাবে এক বৃহৎ আঘাত। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰচাৰৰ সময়ত দিয়া ভাষণৰ বাবে যোৱা ২৩ মাৰ্চত গুজৰাটত দুবছৰৰ কাৰাদণ্ড বিহা হৈছিল ৰাহুল গান্ধীক।