ডাৱৰ বিস্ফোৰণত বিধ্বস্ত দলং, উত্তৰাখণ্ডত আবদ্ধ শ শ লোক
বিশেষ বাৰ্তা, ৭ জুলাই : উত্তৰাখণ্ডত পুনৰ ডাৱৰ বিস্ফোৰণৰ ফলত পিথোৰাগড় জিলাৰ এখন দলং পানীয়ে ভাঙি পেলায়। ফলত সেই অঞ্চলৰ জনজীৱন ব্যাহত হৈ পৰে। বহু মানুহ আবদ্ধ হৈ পৰে। স্থানীয় লোকৰ উপৰি ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা বৰষুণৰ বাবে পৰ্যটকসকলো বিপদত পৰিছে। পিথোৰাগড়ৰ ধৰচুলা অঞ্চলৰ ছলি গাঁৱত শুকুৰবাৰে পুৱা ধাৰাসাৰ বৰষুণ হয়। ভাগি পৰা দলংখনেই আছিল গাঁওখনৰ সৈতে সংযোগৰ একমাত্ৰ মাধ্যম। ফলত সেই গাঁৱৰ লগত যোগাযোগ কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰে। পিথোৰাগড় আৰক্ষীয়ে এই ঘটনাৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। বহু লোকে দলঙৰ ধ্বংসাৱশেষ আঁতৰাই অঞ্চলটো পৰিষ্কাৰ কৰাৰ চেষ্টা চলাইছে। এই কামত স্থানীয় লোক জড়িত হৈ পৰিছে।