নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিব্ৰুগড়ত খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাৰ

🔴 ডিব্ৰুগড়ক যিকোনো উপায়েৰে খহনীয়াৰ পৰা বচাবই লাগিব : মন্ত্ৰী হাজৰিকা

নিয়মীয়া বাৰ্তা, ৭ জুলাই : অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীয়ূষ হাজৰিকাই আজি পুৱা ডিব্ৰুগড় জিলাৰ নগৰৰ সমীপৱৰ্তী অঞ্চলত ব্ৰহ্মপুত্ৰ নদীয়ে সৃষ্টি কৰা খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰে | ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰৰ সমীপতে খহনীয়া হৈ থকা বিষয়টো অত্যন্ত চিন্তনীয় আৰু গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি মন্ত্ৰী হাজৰিকাই কয় যে যিকোনো উপায়েৰে এই খহনীয়া ৰোধ কৰি ডিব্ৰুগড় চহৰখন বচাবই লাগিব | পৰিদৰ্শনৰ সময়ত উপস্থিত থকা সাংবাদিকসকলৰ আগত এনেদৰে মন্তব্য আগবঢ়াই মন্ত্ৰী হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাও ডিব্ৰুগড়ৰ খহনীয়াক লৈ যথেষ্ট উদ্বিগ্ন আৰু এইক্ষেত্ৰত বিশেষ গুৰুত্ব প্ৰদান কৰিছে | আনহাতে, এই সময়ছোৱাত ব্ৰহ্মপুত্ৰৰ খহনীয়া ৰোধৰ বাবে ডিব্ৰুগড়ত জলসম্পদ বিভাগৰ তৎপৰতাত যথেষ্ট কাম কৰা হৈছে, বিশেষকৈ বাৰিষাৰ এই সময়ছোৱাত জৰুৰীভাৱে অস্থায়ী কাম কৰি খহনীয়া ৰোধৰ বাবে প্ৰয়াস কৰি থকা হৈছে |

                                                     

বিগত তিনিটা মাহত দ্বিতীয়বাৰলৈ এই স্থানত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে লগতে কয় যে ডিব্ৰুগড়ৰ এই অংশত হৈ থকা খহনীয়া ৰোধৰ স্থায়ী কামৰ আঁচনি গ্ৰহণ কৰিবলৈ ৰাজ্য চৰকাৰে আই আই টি গুৱাহাটীক এই বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনাই চুক্তি কৰিছে | ইতিমধ্যে বিগত মাহত আই আই টি গুৱাহাটীৰ বিশেষজ্ঞই ডিব্ৰুগড়ত উপস্থিত হৈ চৰজমিন অধ্যয়ন আৰম্ভ কৰিছে | আই আই টিৰ সৈতে সঘনে যোগাযোগত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয়- আশা কৰা হৈছে অহা ১৫ আগষ্টৰ ভিতৰত তেওঁলোকে এই বিষয়ে প্ৰতিবেদন দাখিল কৰিব | আই আই টি গুৱাহাটীৰ প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি অহা নৱেম্বৰ-ডিচেম্বৰ মাহত ডিব্ৰুগড় নগৰ অঞ্চলৰ প্ৰায় দুই কিল’মিটাৰ দৈৰ্ঘ্য অংশত খহনীয়া ৰোধৰ বাবে গাৰ্ড ৱাল অথবা আন শক্তিশালী ব্যৱস্থা জলসম্পদ বিভাগে গ্ৰহণ কৰিব বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে | ঐতিহ্যমণ্ডিত ডিব্ৰুগড় নগৰখনক যিকোনো পৰ্যায়ৰ কাম কৰি হ’লেও বচাবই লাগিব বুলি মন্ত্ৰী হাজৰিকাই উপস্থিত সকলোৰে আগত মন্তব্য প্ৰদান কৰে |

You might also like