নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ অসম তথা উত্তৰ-পূৰ্বাঞ্চললৈ এক নতুন সম্ভাবনা কঢ়িয়াই অঞ্চলটোৰ নদীপথেদি কাৰ্গ’ পৰিবহনৰ ক্ষেত্ৰখনত সূচনা হ’ল এক নতুন দিগন্তৰ। সম্ভাবনাময় এক ভৱিষ্যতৰ দুৱাৰ খুলি আজি দুপৰীয়া ফালে ধুবুৰীৰ পঞ্চুঘাটৰ আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰত বাংলাদেশ হৈ বৰলুইতেৰে আহি উপস্থিত হৈছে এখন কাৰ্গ’ পৰিবাহী জাহাজ। “কৃষ্ণা শ্বিপিং এণ্ড লজিষ্টিকচ” নামৰ কাৰ্গ’ পৰিবাহী কোম্পানী এটাৰ “এম ভি টাইগার ৱেভ” নামৰ সেই জাহাজখনে কঢ়িয়াই আনিছে বৃহৎ আকাৰ আৰু ওজনৰ এক বিশেষ কাৰ্গ’। উল্লেখ্য যে, সম্প্ৰতি নুমলীগড় শোধনাগাৰৰ ক্ষমতা বৃদ্ধি আৰু ইয়াৰ সম্প্ৰসাৰণ কৰাৰ বাবে লোৱা সিদ্ধান্ত অনুসৰি সেই বিশেষ প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় সামগ্ৰী তথা বৃহৎ যন্ত্ৰাংশ ক’লকাতাৰ পৰা নদীপথেদি বাংলাদেশ হৈ অনা হৈ আছে নুমলিগড়লৈ। শোধানাগাৰটোৰ সম্ৰ্ৰসাৰণ প্ৰকল্পটোৰ বাবে প্ৰয়োজনীয় দ্বিতীয়টো বৃহৎ আকাৰ আৰু ওজনৰ যন্ত্ৰাংশ নদীপথেদি সুকলমে কঢ়িয়াই আনি অসমৰ ধুবুৰীৰ নদী বন্দৰৰ সমীপৰ বৰ লুইতত আহি উপস্থিত হৈছে সেই কাৰ্গ’ জাহাজখন। জানিব পৰা মতে, ধুবুৰীৰ পঞ্চুঘাটৰ ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গৰ জাহাজঘাটত থকা পাৰপত্ৰ বিভাগত কৰ্মচাৰীসকলৰ নথিপত্ৰ পৰীক্ষণৰ কাম সম্পন্ন হোৱাৰ পিছত কাইলৈ পুনৰ উজনিমুৱা যাত্ৰা আৰম্ভ হ’ব সেই কাৰ্গ’ জাহাজখনৰ। উল্লেখ্য যে, বৃটিছৰ দিনত এক গুৰুত্বপূৰ্ণ নদী বন্দৰৰ ভূমিকা পালন কৰা ধুবুৰীৰ পঞ্চুঘাটৰ এই নদী বন্দৰটোৰ ন–সাজেৰে পুনৰ্নিমিত হৈ উঠাৰ পিছত ২০১৯ চনৰ ১২ জুলাইৰ দিনা সূচনা হৈছিল এক দিগন্তৰ। দীৰ্ঘ বিৰতিৰ পিছত সিদিনা জাহাজ ঘাটটোৰে পুনৰ আৰম্ভ হৈছিল আন্তঃৰাষ্ট্ৰীয় ৰপ্তানী৷ সিদিনা পুৱা ৮টা মান বজাত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধীকৰণৰ স্থানীয় সেই জাহাজ ঘাটটোৰে বৰ লুইতেৰে ‘ভূটান মাইনচ এণ্ড মিনাৰেলচ” নামৰ ভূটানৰ এটা কোম্পানীয়ে বাংলাদেণৰ নাৰায়ণগঞ্জলৈ ৰপ্তানী কৰিছিল ১০০০.৫ মেট্ৰিক টন পাথৰ। এইদৰে সূচনা হৈছিল অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা নদীপথেদি আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ এক নতুন ধাৰাৰ। সেই ধাৰা বৰ্তমানেও অব্যাহত ৰাখি বৰ্তমানেও পাথৰ আৰু কয়লা ৰপ্তানী অব্যাহত আছে ধুবুৰীৰ ইতিহাস গৰকা সেই জাহাজ ঘাটটোৰে। ইয়াতে উল্লেখনীয় যে, কেৱল ভাৰত-বাংলাদেশৰ মাজৰ আমদানী-ৰপ্তানীৰ ক্ষেত্ৰখনতেই নহয়; আগত সময়ত আন্তঃৰাষ্ট্ৰী নদী পৰ্য্যটনৰ ক্ষেত্ৰখনতো ধুবুৰীৰ এই আন্তঃৰাষ্ট্ৰীয় নদী বন্দৰটোৱে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলিও আশা কৰা হৈছে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী