নিয়মীয়া বাৰ্তা, ৭ জুলাইঃ নগৰবেৰা থানাৰ অধীনস্থ কল্যাণপুৰত আজি ভয়ংকৰ মাৰপিট সংঘটিত হয়। মাটি বিক্ৰী কৰা টকাৰ ভাগ-বাটোৱাৰাক কেন্দ্ৰ কৰি খুড়া-ভতিজা দুই পক্ষৰ মাজত সংঘটিত হয় এই কুৰুক্ষেত্ৰ। উভয় পক্ষৰ মুঠ পাঁচজনকৈ লোক গুৰুতৰভাৱে আহত হৈ চিকিৎসাধীন হ’বলগীয়া হয়। জানিব পৰা মতে জাহাঙ্গীৰ আলী নামৰ এজনৰ ভাই-ভনীৰ মাজত পৈতৃক মাটি বিক্ৰীৰ টকা ভাগ-বাটোৱাৰা কৰাৰ বাবে নিজৰ খুড়ায়েক তজবৰ আলীয়ে মধ্যস্থতা কৰি থকাৰ মাজতেই জাহাঙ্গীৰ আলী আৰু তজবৰ আলী দুই খুড়া-ভতিজাৰ মাজত কিবা কথাৰ কটাকটি হয়। পাছলৈ দুয়ো পক্ষৰ মাজত তুমুল সংঘৰ্ষ হয় আৰু উভয় পক্ষৰ পুৰুষ-মহিলাসহ মুঠ পাঁচজনকৈ আঘাতপ্ৰাপ্ত লোকক সংকটজনক অৱস্থাত নগৰবেৰা চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়। চিকিৎসা চলি থকাৰ মাজতেই উভয় পক্ষৰ ভালেসংখ্যক লোকৰ সমাগম দেখা যায় নগৰবেৰা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত। আজি পুৱাৰ ভাগত কল্যাণপুৰ গাঁৱত সংঘটিত খুড়া-ভতিজা দুই পক্ষৰ এই ভয়ানক মাৰপিট কাণ্ডত তীব্ৰ চাঞ্চল্য বিয়পে অঞ্চলটোত।
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস