বিশেষ বাৰ্তা, ৮ জুলাইঃ আজি গুৱাহাটীৰ উন্নয়নৰ বাবে ভিন্ন অভিলাষী প্ৰকল্প ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটীত খেল অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। তেওঁ কয় যে গুৱাহাটীৰ মাজত তিনিখন পঞ্চতাৰকা হোটেল আছে। ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত এখন পঞ্চতাৰকা হোটেল আছে। বিমানবন্দৰৰ লগত আছে এখন পঞ্চতাৰকা হোটেল। গণেশগুৰি পেট্ৰোল পাম্পৰ কাষত এখন পঞ্চতাৰকা হোটেলৰ কাম আৰম্ভ হৈছে। হোটেলৰ অভাৱত গুৱাহাটীত খেল নোহোৱা কথা হব নোৱাৰে।
You might also like