বিশেষ বাৰ্তা, ৮ জুলাইঃ গুৱাহাটীৰ ভিন্ন স্থান পৰিদৰ্শন কৰি উন্নয়নমূলক তথা সৌন্দৰ্যবৰ্ধনৰ ঘোষণা কৰাৰ পিছত গছ কটা সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়ে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় যে উন্নয়নৰ নামতহে গছ কটা হৈছে। যেতিয়া ঠিকাদাৰে বিল জমা দিব, তেতিয়া তেওঁলোকে এডাল গছ কটাৰ বিনিময়ত ১০ ডাল ৰোপণ কৰা দেখুৱাব লাগিব। আমি ৰেল লাইন আহিলে পাহাৰ কাটি ব্ৰডগছ বনাব লাগিব। ইফালে জাইকাৰ পানীৰ পাইপ ফুটাৰ সন্দৰ্ভতো মন্তব্য কৰে মুখ্যমন্ত্ৰী ড০ শৰ্মাই। তেওঁ কয় যে পাইপ ফুটিয়ে থাকে। পানীৰ পাইপ কেৰেলা, দিল্লী সকলোতে ফুটে। পানীৰ পাইপ ফুটা ৰখাব নোৱাৰে । পানীৰ পাইপ ফুটাৰ লগে লগে আমি সাজু হব লাগিব। তেওঁ কয়, খাৰঘুলিৰ ফুটা পাইপবোৰ ডেমেজ হৈছে । কিন্তু পানীৰ পাইপ ফুটাৰ পিছত লগে লগে চুইছ বন্ধ কৰিব লাগে । এই ব্যৱস্থাতো গুৱাহাটীত উন্নতি হোৱা নাই । তাত আমি বিফল হৈছোঁ, কিন্তু আমি লাগি আছোঁ।