নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীত বহিয়ে আমেৰিকাৰ নাগৰিকৰ ৩ কোটি লুট ৫ প্ৰৱঞ্চকৰ

বিশেষ বাৰ্তা, ৮ জুলাই : দিল্লীত বহিয়ে সুদূৰ আমেৰিকাৰ এগৰাকী বৃদ্ধ মহিলাৰ বেংক একাউণ্ট খালী কৰাৰ অভিযোগত ৫ প্ৰৱঞ্চকৰ বিৰুদ্ধে চিবিআয়ে গোচৰ ৰুজু কৰে। আমেৰিকাৰ ‘ফেডাৰেল ব্যুৰো অৱ ইনভেষ্টিগেচন’ (এফ বি আই)-এ চিবিআইক এই জালিয়াতিৰ বিষয়ে অৱগত কৰে। ইয়াৰ পিছতে কেন্দ্ৰীয় সংস্থাটোৱে দিল্লী আৰু কানপুৰৰ ৫ প্ৰৱঞ্চকৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে। চিবিআইৰ সূত্ৰ অনুসৰি, প্ৰফুল্ল গুপ্তা, সৰিতা গুপ্তা, কুনাল আলমাদী, গৌৰৱ পাহৱা আৰু কানপুৰৰ বাসিন্দা ঋষভ দীক্ষিতে মাইক্ৰ’ছফ্টৰ কৰ্মচাৰীৰ ৰূপ লৈ আমেৰিকান মহিলা লিজা ৰথৰ লেপটপ হেক কৰে। ইয়াৰ পিছত লিজাৰ বেংক একাউণ্টৰ পৰা ধন উলিয়ায়। মুঠতে ভাৰতীয় মুদ্ৰাত ৩ কোটি ৩৭ লাখ টকা উলিয়ায় প্ৰৱঞ্চকৰ দলটোৱে। চিবিআয়ে দাখিল কৰা এফআইআৰ অনুসৰি প্ৰৱঞ্চকসকলে প্ৰথমে লিজাৰ লেপটপ হেক কৰে। ইয়াৰ পিছত তেওঁলোকে লিজাৰ সৈতে যোগাযোগ কৰে। এটা নিৰ্দিষ্ট ফোন নম্বৰেৰে ফোন কৰা হয় যোগাযোগ কৰিবলৈ। খবৰ অনুসৰি এইটোৱেই হৈছে মাইক্ৰ’ছফ্টৰ হৈ দায়িত্বত থকা বুলি জনোৱা ব্যক্তিজনৰ ফোন নম্বৰ। লিজাই এই নম্বৰত ফোন কৰে সেৱা লাভ কৰিবলৈ। তেওঁক এটা একাউণ্টলৈ ধন পঠিয়াবলৈ কোৱা হয়। টকাৰ পৰিমাণ ইমানেই কম আছিল যে লিজাই সন্দেহ কৰা নাছিল। লিজাই নিৰ্দেশনা অনুসৰি ধন পঠিয়াই দিয়ে। আৰু তেনেকৈয়ে প্ৰৱঞ্চকসকলে লিজাৰ বেংক একাউণ্টৰ সকলো তথ্য পায়। পিছত উক্ত একাউণ্টৰ পৰা ভাৰতীয় মুদ্ৰাত ৩ কোটি ৩৭ লাখ টকা উলিয়াই নিয়ে প্ৰৱঞ্চকৰ দলটোৱে।

You might also like