নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পশ্চিমবংগত নির্বাচনী হিংসাত ১১জনৰ প্ৰাণহানি

বিশেষ বাৰ্তা, ৮ জুলাই : পশ্চিমবংগত পঞ্চায়ত নির্বাচনৰ আজি ভোটগ্রহণ আৰম্ভ হোৱাৰ পিছতে শাসকীয় আৰু বিৰোধী ৰাজনৈতিক দলৰ কর্মীৰ মাজত প্রচণ্ড সংঘর্ষ হয় ৷ বিভিন্ন প্রান্তত সংঘটিত নির্বাচনী হিংসাত অতিকমেও ১১জন লোকে প্রাণ হেৰুওৱাৰ লগতে কেইবাজনো লোক আহত হৈছে ৷ বিভিন্ন ভোটগ্রহণ কেন্দ্রত ৰাজনৈতিক দলৰ কর্মী-ভোটাৰে আক্রমণ চলাই বেলট বাকচ লণ্ডভণ্ড কৰাৰ বিপৰীতে কেইবাটাও ভোটগ্রহণ কেন্দ্রৰ পৰা বেলট বাকচ লৈ উধাও হয় ৷ পঞ্চায়ত নির্বাচনৰ ভোটগ্রহণৰ বাবে কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েন কৰা হয় ৷ ৰাজ্যৰ আৰক্ষীৰ উপৰি কেন্দ্রীয় নিৰাপত্তা বাহিনী মোতায়েনৰ মাজতে আজি ভোটগ্রহণৰ সময়ত ৰাজ্যখনৰ প্রান্তে প্রান্তে হিংসাত্মক কার্যকলাপ সংঘটিত হয় ৷ ৰাজ্যখনৰ শাসকীয় তৃণমূল কংগ্রেছ আৰু বিজেপি কর্মীৰ মাজতে প্রধানতঃ নির্বাচনী হিংসা হয়৷ ইয়াৰ সমান্তৰালকৈ তৃণমূল কংগ্রেছৰ কর্মী আৰু কংগ্রেছ, বাঁওপন্থী আদি ৰাজনৈতিক দলৰ কর্মীৰ মাজতো প্রান্তে প্রান্তে সংঘর্ষ হয় ৷ কেইবাটাও ভোটকেন্দ্রৰ পৰা বেলট বাকচ উঠাই লৈ যোৱাৰ লগতে আন কেইবাটাও ভোটগ্রহণ কেন্দ্রৰ বেলট বাকচ লণ্ডভণ্ড কৰে ভোটাৰে ৷  আজি ভোটগ্রহণৰ সময়ত সংঘটিত হিংসাত্মক কার্যকলাপৰ বাবে শাসকীয় তৃণমূল কংগ্রেছক জগৰীয়া কৰিছে বিজেপিয়ে ৷

You might also like